
বিলাসীপাৰা,৬ ডিচেম্বৰঃ আজি বিলাসীপাৰাত বিস্তৃত কাৰ্য্যসূচীৰে ভাৰতৰত্ন ড৹ বি আম্বেদকাৰৰ ৬৩ তম মহাপ্ৰয়াণ দিৱস পালন কৰা হয়। বিলাসীপাৰাস্হিত ড৹ বি আৰ আম্বেদকাৰ ভৱন পৰিচালনা সমিতি ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।
বিশিষ্ট কবি, সাহিত্যিক নিখিল বসমুতাৰী, বিশিষ্ট পৰিবেশবিদ দিলীপ দাস, বিশিষ্ট মৃৎশিল্পী পংকজ পাল আৰু তিলক চন্দ্ৰ প্ৰসাদক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। পুৱা পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়া দেৱে। ড৹ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি মাল্যপৰ্ণ কৰে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সাধাৰণ সম্পাদক ডাঃ কানু লাল দাসে। বন্তি প্ৰজ্জ্বলন আদি অনুষ্ঠানৰ পাছত ড৹ বি আৰ আম্বেদকাৰৰ জীৱনক লৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
আবেলি ড৹ বি আৰ আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়া দেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট শিক্ষাবিদ হৃদয়নন্দ দাস, শ্বেখ হেদায়েতুল্লা, পৰিবেশবিদ ড৹ হৰি চৰণ দাস প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ড৹ বি আৰ আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা শিশু- কিশোৰ আলোচনী 'পখিলা' ৰ ড৹ বি আৰ আম্বেদকাৰ বিশেষ সংখ্যা উন্মোচন কৰা হয়। 'পখিলা' উন্মোচন কৰে বিশিষ্ট সাহিত্যিক বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ কৰুণা কান্ত শৰ্মা দেৱে। ইয়াৰ লগত সংগতি ৰাখি ডাঃ কানু লাল দাসৰ ব্যক্তিগত তৰফৰ পৰা বিলাসীপাৰা অঞ্চলৰ দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাস্থ জেষ্ঠ সাংবাদিক, লিখক, সাহিত্যিক তথা আপকুৰ বঁটা প্ৰাপ্ত আলতাফ হুছাইন আহমেদক এটা সোণৰ কলম বঁটা প্ৰদান কৰে ডাঃ কানু লাল দাসে। ডাঃ কানু লাল দাসৰ মানৱতাৰ আদৰ্শক বিলাসীপাৰা বাসী ৰাইজে প্ৰশংসা কৰে।
বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন