
গোসাঁইগাঁওঃ ব্ৰাজিলৰ বিৰুদ্ধে অভিযান চলালে অসম আৰক্ষীয়ে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষীয়ে কেইবাঘন্টা ধৰি অভিযান চলাই অৱশেষত সফল হ'ল ব্ৰজিলক ধৰিবলৈ৷
গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ অক্সিগুৰি গাঁৱৰ পৰা যোৱা নিশা ব্ৰাজিলক আটক কৰে আৰক্ষীয়ে৷ দুৰ্ধৰ্ষ এন ডি এফ বিৰ সদস্য ব্ৰাজিল থো নাৰ্জাৰীয়ে ধন দাবী আদিকে ধৰি কেইবাটাও কূটাঘাট সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে ব্ৰাজিলক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছিল যজিও অৱশেষত জালত পৰে ব্ৰজিল।
গোসাঁইগাঁও আৰক্ষীয়ে সেনা আৰু চি আৰ পি এফৰ কোব্ৰা বাহিনীৰ সহযোগত অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ অক্সিগুৰিত আত্মগোপন কৰি থকা নিষিদ্ধ ঘোষিত সংবিজিত গোট এন ডি এফ বিৰ সদস্যগৰাকীক আটক কৰে।
কচুগাঁও থানাৰ দুমবজাৰ গাঁৱৰ বাসিন্দা দেনা নাৰ্জাৰীৰ পুত্ৰ ব্ৰাজিলে ২০১৫ চনৰ নৱেম্বৰত ঘৰ এৰি এন ডি এফ বিত যোগদান কৰিছিল। সম্প্ৰতি তেওঁ সংগঠনটোৰ কচুগাঁও এৰিয়া কমাণ্ডেণ্ট চৈতন ওৰফে চান্দেৰ সৈতে লগলাগি কেইবাটাও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰে।
চান্দেৰ সৈতে মতবিৰোধ হোৱাত অক্সিগুৰিত আহি আত্মগোপন কৰি আছিল ব্ৰাজিল। দেওবাৰে নিশা আৰক্ষী, সেনা আৰু চি আৰ পি এফে অভিযান চলাই দুৰ্ধৰ্ষ ব্ৰাজিলক আটক কৰে।