12
Apr
2019

ওদালগুৰিঃ ওদালগুৰিত মঙ্গলদৈ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী।
মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগক নস্যাৎ দৈমাৰীৰ।
অভিযোগৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে "প্ৰতিদিন ডিজিটেলৰ" সন্মুখত।
মন্ত্ৰী চন্দন ব্ৰহ্মই ভুৱা প্ৰচাৰেৰে ভোট আদায়ৰ চেষ্টা চলাইছে।
মই কোনো ৰাজনৈতিক দলৰ ওচৰত বিক্ৰী নাযাও: দৈমাৰী।
এবছু-এনডিএফবি(প্ৰ)ই মোক সমৰ্থনহে কৰিছে:দৈমাৰী।
কালি মন্ত্ৰী চন্দন ব্ৰহ্মই এবছু নেতা প্ৰমোদ বড়োক বেপাৰী আখ্যা দি বিস্ফোৰক অভিযোগ কৰিছিল।
প্ৰমোদ বড়োৱে মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীক কংগ্ৰেছ-বিজেপিৰ হাতত বিক্ৰীৰ চেষ্টা চলাইছে: চন্দন ব্ৰহ্ম।
এই অভিযোগৰ পাছতে আজি মুখ খুলিলে ইউপিপিএলৰ মঙ্গলদৈ সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ দৈমাৰীয়ে।
কেইবা লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবীও কৰিলে প্ৰদীপ কুমাৰ দৈমাৰীয়ে।