বঢ়হমপুৰঃ বহু প্ৰত্যাখ্যাৰ অন্তত বৃহস্পতিবাৰে ৰহাৰ ৰাজভেটিৰ জোঙালবলহুগড়ত তিৱা জাতীয় সংগঠন, তিৱা সমাজৰ প্ৰচেষ্টাৰ ফলত তিৱা বীৰ জোঙালবলহুৰ পূৰ্ণাংগ মূর্তি স্থাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য আৰু স্বাভিমানৰ প্ৰতীক তিৱা ৰজা বীৰ জোঙালবলহু। তিৱা সকলৰ জাতীয় স্বাভিমান, সংগ্ৰামী সত্তা প্ৰেৰণাৰ উৎস স্বৰূপ বীৰ জোঙালবলহু। গৌৰৱোজ্জ্বল তিৱা ইতিহাসৰ শ্ৰেষ্ঠ ৰজা জোঙালবলহু। 

তিৱাসকলৰ পৰম্পৰাগত মাংগলিক ৰীতি-নীতিৰে তিৱা বীৰ জোঙালবলহুৰ ২২ ফুট উচ্চতাৰ মূর্তিটো স্থাপন কৰা হয়। বীৰ জোঙালবলহুৰ মূৰ্তিটো ভাস্কৰ্য শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰিছে। 

উক্ত মূর্তি স্থাপন কাৰ্যসূচীত তিৱা সাহিত্য সভাৰ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি, সদৌ তিৱা ছাত্র সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং, মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰণৱ জ্যোতি মছৰং, ট্ৰাইবেল ইউথ লীগৰ সভাপতি ৰিমল আমচিকে ধৰি তিৱা জাতীয় সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।