12
Jul
2017

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীৰ বাবেই বিয়া ভাগিল উত্তৰ প্ৰদেশৰ এহাল যুৱক-যুৱতীৰ। দেশৰ প্ৰধানমন্ত্ৰীক ভাল নোপাৱাৰ কাৰণে প্ৰেমিকে পৰিত্যাগ কৰিলে প্ৰেয়সীৰ সংগ।
দুয়োজনৰে ঘৰ উত্তৰ প্ৰদেশত। দুয়োজনৰে নাম আৰু সঠিক ঠিকনা প্ৰকাশ কৰা হোৱা নাই যদিও সম্প্ৰতি পোহৰলৈ আহিছে বিচ্ছেদৰ কাৰণ।
সম্প্ৰতি বিচ্ছেদ ঘটা প্ৰেমিক যুগলৰ পুৰুষজন নামজ্বলা ব্যৱসায়ী। উত্তৰ প্ৰদেশৰ এখন চহৰত তেওঁ ব্যৱসায় প্ৰতিষ্ঠিত। আনহাতে যুৱতীগৰাকী চৰকাৰী চাকৰিয়াল।
বিবাহৰ দিন ঠিৰাং হোৱাৰ পিছত কিছুদিন পূৰ্বে দুয়ো এটা মন্দিৰত লগ হয়। আলাপৰ কালতে দুয়োৰে আৰম্ভ হয় মতভেদ।
কইনাই প্ৰধানমন্ত্ৰী মোদীৰ বাবে দেশৰ অৰ্থনৈতিক বিপৰ্যয় হোৱা বুলি কোৱাৰ লগে লগে জাঙুৰ খাই উঠিল দৰা। পৰিস্থিতি শেহত এনে হ'ল যে দুয়ো ল'লে বিচ্ছেদৰ সিদ্ধান্ত।