ডিজিটেল ৰিপ'ৰ্টঃ মুষলধাৰ বৰষুণৰ ফলত অসম, অৰুণাচল আৰু মণিপুৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি আহিছে ৷ শেহতীয়া বাতৰি অনুযায়ী চুবুৰীয়া ৰাজ্যখনৰ কেবাখনো নৈ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ৷

ইয়াৰ মাজতে ৰাজ্যখনৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ স্বৰূপ ডিমাপুৰ নগৰত ধনশিৰি নৈৰ বাঢ়নী পানী সোমাই অহাত নগৰখনৰ লগতে ইয়াৰ আৱাসিক এলেকাত নৈৰ পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে।

বাঢ়নী পানীৰ কোবাল সোঁতে চাৰি মাইলস্থিত ৰেফাৰেল চিকিৎসালয়ৰ সমীপৰ চেটি নৈৰ ওপৰত থকা পকী দলংখন সম্পূৰ্ণৰূপে ভাঙি উটুৱাই নিয়ে ৷

উল্লেখ্য যে প্ৰায় ৪০ বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনৰ এটা অংশ নৈৰ বাঢ়নী পানীয়ে যোৱা ১১ জুলাইত উটুৱাই নিছিল৷ ফলত সেই মুহূৰ্তত দলংখনৰ ওপৰত থকা কেইখনমান বাহন নৈৰ কোবাল সোঁতত পৰি যায়। উক্ত ঘটনাত দুই মহিলাসহ চাৰিজনকৈ লোক থিতাতে নিহত হৈছিল ৷

মেৰামতিৰ অভাৱতে পকী দলংখন এনেদৰে নৈখনৰ  বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে বুলি জানিবলৈ দিছে স্থানীয় লোকসকলে ৷