কোকৰাঝাৰঃ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত আৱণ্টিত গৃহৰ সা-সামগ্ৰী বলেৰো পিকআপ ভেনেৰে( নং এএচ ১৭ বি ৪৭০২)হিতাধিকাৰীয়ে কঢ়িয়াই নি থকা অৱস্থাতে আজি বিচমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত মহেন্দ্ৰপুৰত দলংভাঙি সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ খাৱৈত বাগৰি পৰাত হিতাধিকাৰী সহিতে তেওঁৰ কণমানি পুত্ৰ গুৰুতৰভাৱে আহত হয়।

মূলত চিমেণ্ট, লোহা আৰু ইটা কঢ়িয়াই নিয়া গাড়ীখন কাঠৰ দলঙত উঠাৰ লগে লগেই কাঠৰ দলংখন ভাগি পৰে আৰু পৰিণতিত গাড়ীখন দলঙৰ পৰা দখাৱৈত বাগৰি পৰে। উক্ত দুৰ্ঘটনাত চালক দৈৱ্যক্ৰমে ৰক্ষা পৰে যদিও গাড়ীখনত থকা হিতাধিকাৰী আমাও বসুমতাৰী (৫০) আৰু তেওঁৰ কণমানি পুত্ৰ ৰিপুল বসুমতাৰী (৯) গুৰুতৰভাৱে আহত হৈছে।

সম্প্ৰতি আহত পিতা পুত্ৰক কোকৰাঝাৰ সদৰ চহৰস্থিত আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজে কাঠৰ দলংখনৰ সলনি শীঘ্ৰে পকী দলং নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে।