ধনশিৰিঃ প্ৰগতি আৰু পৰিৱৰ্তনৰ শ্ল’গান গাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ উন্নয়নৰ ফোপলা স্বৰূপ উদঙাইছে ৰাজ্যৰ জৰাজীৰ্ণ পথ আৰু দলং সমূহে৷

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ পাভজানত থকা এখন পকী দলং বিধস্ত হোৱাৰ ফলত বৰ্তমান এখন বাঁহৰ দলঙেৰে অঞ্চলটোৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে বিপজ্জনক ভাৱে অহা-যোৱা কৰিব লগা হৈছে। 

স্থানীয় লোকে বহুবাৰ স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন-নিবেদন কৰিও এতিয়ালৈকে সুফল পোৱা নাই। ফলত বাঁহৰ দলঙেদি বিপজ্জনক ভাৱে সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী অহা-যোৱা কৰিব লগা হৈছে। 

আনহাতে এনে অৱস্থাৰ বাবে ৰাইজ বঞ্চিত হ'বলগীয়া হৈছে ১০৮ কে ধৰি অন্য জৰুৰীকালীন সেৱাৰ পৰা।

উল্লেখ্য যে, বিগত সময়ত এই দলং খনত দূৰ্ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু লোক গুৰুত্বৰ ভাৱে আহত হোৱাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষ কিম্বা জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ 

শীঘ্ৰে  দলং খন পুনৰ নিৰ্মানত বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ বিছাৰিছে স্থানীয় ৰাইজে৷