মাৰ্ঘেৰিটাঃ গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত পেঙেৰী আঞ্চলিক সমিতিয়ে আজি অঞ্চলটোৰ ৫০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷

পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখন তিনিচুকীয়া জিলা গোৰ্খা পৰিসংঘৰ সভাপতি লোকনাথ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাত উদ্দেশ্য ব্যাখ্যা কৰে পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি সুভাষ তামাঙে।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় মাৰ্ঘেৰিটাৰ মহকুমাধিপতি বিক্ৰম কৈৰী, তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ ছেত্ৰী, পেঙেৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল বৰগোঁ‌হায়ে। সভাত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।