ধুবুৰীঃ ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহ মেৰামতি কৰিবলৈ ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগকটোক যোৱা ৩১ মাৰ্চলৈকে নিৰ্ধাৰিত সময়সীমা বান্ধি দিয়া স্বত্বেও ফলবৰ্তী নহ’ল চৰকাৰী সময়সীমা৷এতিয়াও ৰাজ্যৰ অধিকাংশ পথ জৰাজীৰ্ণ হৈ পৰি আছে৷

আনহাতে যিবোৰ পথ নতুনকৈ মেৰামতি কৰী হ’ল, সেইবোৰ পথৰ অৱস্থাও এতিয়া তথৈবচ৷ গড়কাপ্তানী বিভাগৰ চৰম গাফিলতি আৰু দুৰ্নীতিৰ বাবে এতিয়া জীয়াতু ভূগিছে সাধাৰণ ৰাইজে৷ গড়কাপ্তানী বিভাগৰ দুৰ্নীতি আৰু গাফিলতিৰ প্ৰমাণ পোৱা গৈছে ধুবুৰী জিলাৰ গৌৰীপুৰতো৷

জানিব পৰা মতে, ২০১৬/১৭ বিত্তীয়বৰ্ষত ধুবুৰী জিলাৰ তাৰঘাটৰ পৰা আশাৰীকান্দি হৈ ঘ্যাগেৰ আলগা লৈকে পথ নিৰ্মাণৰ বাবে চৰকাৰে আবন্টন দিছিল ৬২লাখ ৩৪ হেজাৰ টকা৷ আনহাতে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে সময়সীমা বান্ধি দিছিল ৩১ মাৰ্চ৷ কিন্তু এচাম দুৰ্নীতিপৰায়ণ ঠিকাদাৰে ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লগা কামখিনি এচাম বিভাগীয় কৰ্তৃপক্ষৰ গোপন বুজাবুজিত চৰম দূৰ্নীতিৰ আশ্ৰয় লৈ ছেপ্টেম্বৰ মাহতো সম্পূৰ্ণ কৰিব নোৱাৰিলে৷

আনহাতে বাৰিষাত উক্ত কামটোৰ ভাঙি যোৱা পথছোৱাত ঠিকাদাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ যাতায়তৰ বাবে ঠায়ে ঠায়ে বাঁহৰ সাকোঁ নিৰ্মাণ কৰি দি যাতায়ত ব্যৱস্থাৰ দায়িত্ব সামৰে৷

আনফালে নিৰ্মাণৰ দুদিন পাছতেই চপৰা চপৰ কৈ ভাঙি যোৱা পথটোৰ দুৰ্দশা দেখি স্থানীয় ৰাইজে দুৰ্নীতিপৰায়ণ অভিযন্তা-ঠিকাদাৰৰ চৰম গাফিলতিত এনে হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷

যাৰ বাবে আজি স্থানীয় ৰাইজে নিৰ্মীয়মান পথটোৰ কাম বন্ধ কৰি অভিযন্তা-ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে পথটোৰনিৰ্মাণৰ উচিত তদন্ত কৰি পুনৰ মেৰামতি কৰাৰ বাবে দাবী জনায়৷