
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ উন্নয়ণৰ প্ৰকৃত ছবিখন বৰষুণৰ বতৰত হে ওলাই পৰে। বৰষুণ দিলেই সমষ্টিটোৰ ৰাস্তা-ঘাট যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে। ঘাইকৈ সমষ্টিটোৰ অধিকাংশ গড়কাপ্তানী পথেই বোকা-পানীৰে উপচি পৰাৰ লগতে মাছ পুহিব পৰা পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত এই পথবোৰ ৰাইজৰ বাবে মৰণফাণ্ড সদৃশ হৈ পৰিছে৷
দীৰ্ঘদিন ধৰি মেৰামতিৰ নামত শিলগুটি এটাও নপৰাত পথ সমূহ বৰষুণৰ ফলত কদৰ্যময় হৈ পৰাত ৰাইজে মৰণত শৰণ দিহে যাতায়াত কৰিব লগাত পৰিছে৷ এনে দুৰৱস্থাই ৰাইজক পদে পদে জীয়াতু ভোগাই অহাৰ পিছতো পথবোৰৰ উন্নয়ণৰ বাবে চিন্তা কৰা বিভাগীয় বৰমুৰীয়াৰ অভাৱ বুলি ৰাইজে কব খোজে৷ পথবোৰ মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ বাবে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই যি ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহন কৰিব লাগিছিল তাকে নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
কিয়নো, বিগত নিৰ্বাচনৰ পূৰ্বে বিধায়িকা গৰাকীয়ে জৰাজীৰ্ণ পথবোৰ যাতায়াতৰ উপযোগী কৰি তোলা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰ গঠনৰ এবছৰ পাৰ হৈ যোৱাৰ পিছতো এই জৰাজীৰ্ণ পথবোৰ মেৰামতি হোৱাটো দুৰৰ কথা শিল এটাও নপৰিল পথত৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ বহু ঠাইত ৰাইজক আভুৱা-ভাৰি বিধায়িকা গৰাকীয়ে সাত-আঠ মাহৰ পূৰ্বে স্থাপন কৰা পথ নিৰ্মাণৰ আধাৰশিলাবোৰ এতিয়া হাবি-জংঘলেৰে আৱৰিহে ধৰা দেখিবলৈ পোৱা গৈছে ৷
বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰে পৰা সভাই-সমিতিয়ে সমষ্টিৰ ৰাস্তা-ঘাটৰ উন্নয়নেই প্ৰকৃত লক্ষ্য বুলি সদম্ভে ঘোষণা কৰি অহা বিধায়িকা আঙুৰলতা ডেকাক ঘোষণাবোৰ বাস্তৱায়িত কৰাৰ আহ্বান জনাইছে ৰাইজে৷