
বিহুগুৰিঃ শোণিতপুৰ জিলাৰ বাট-পথৰ দূৰাৱস্থাই জীয়াতু ভূগাইছে জিলাখনৰ কেইবাটিও অঞ্চলৰ সাধাৰণ ৰাইজক৷ ইফালে বাট-পথৰ নৰক সদৃশ পৰিৱেশৰ বাবে বিভিন্ন অঞ্চলত দূৰ্ঘটনা সংঘটিত হৈ অকাল মৃত্যুক আকোঁৱালি লৈছে বহুকেইগৰাকী লোকে৷
কিন্তু ইমানৰ পাছতে গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই ফুৰা চৰকাৰ খনৰ এনে অকৰ্তৃত্বশীল মনোভাৱৰ বাবে এতিয়া ক্ৰোধাম্বিত হৈ পৰিছে জিলাখনৰ জনসাধৰণ৷
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ অন্তৰ্গত ঠেলামৰা-মিছামাৰি একমাত্ৰ সংযোগী পথটোৰ বাবে যমৰ যাতনা ভূগি আহিছে লক্ষাধিক লোকে৷ পথটোৰ বিস্তৃত ভাগ জহি-খহি দ গাতৰ সৃষ্টি হোৱাত সততে যাতায়তকাৰী দূৰ্ঘটনাত পতিত হয়৷ ইফালে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হৈছে কেইবাগৰাকীও লোক৷
অঞ্চলবাসীয়ে পথছোৱা মেৰমাতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে৷ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হোৱা চৰকাৰখনে কেৱল মেলে-মিটিঙেহে উন্নয়নৰ লেকচাৰ মাৰিব জানে বুলি ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে৷ লগতে জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে৷