26
Sep
2017

শুক্লাইঃ দুৰ্গা পূজাত কাপোৰ কিনি দিয়াৰ প্ৰলোভনৰে ডিমাকুছিলৈ লৈ যোৱা নিজ ভগ্নীক ৰাজপথত এৰি পলাই পত্ৰং দিলে এজন নিষ্ঠুৰ ভাতৃয়ে। এই ঘটনা সংঘটিত হৈছে ভেৰগাঁও মহকুমাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত।
পানেৰী থানাৰ অন্তৰ্গত গৰুৱাঝাৰ বাসুগাঁৱৰ চামিৰ কুজুৰ নামৰ লোকজনে নিজৰ ৮ বছৰীয়া ভগ্নী ৰেহেনা কুজুৰক মঙলবাৰে নিশা ডিমাকুছিত পূজাৰ কাপোৰ কিনি দিয়াৰ লোভ দেখুৱাই বজাৰলৈ আনি কাপোৰ কিনি দিয়াৰ পৰিৱৰ্তে ডিমাকুছিৰ পথত এৰি পলায়ন কৰে।
শিশুটিয়ে নিজ ভাতৃক বিছাৰি কান্দি কান্দি ইফালে সিফালে ঘূৰি থাকোতে ডিমাকুছিৰ একাংশ সাংবাদিক আৰু ব্যৱসায়ীৰ দৃষ্টি পৰাত সোধ-পোছ কৰাত সকলো কথা বিৱৰি কয় শিশুটিয়ে।
পিছত সাংবাদিক আৰু স্থানীয় লোকে কিশোৰী গৰাকীক ডিমাকুছি আৰক্ষী থানাত গতাই দিয়ে। নিজ ভগ্নীক পদপথত এৰি পলায়ন কৰা নিষ্ঠুৰ ভাতৃৰ উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় দল-সংগঠনে।