internet
internet

কাকপথাৰঃ ৰাজ্যত বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ গোপন বেহা৷ যুৱ চামৰ একাংশৰ আসক্তিৰ সুযোগ লৈ একাংশই চলাই আছে ৰমৰমীয়া বজাৰ৷ গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচন, ডিব্ৰুগড়, ধুবুৰীত নিচাজাতীয় সামগ্ৰী উদ্ধাৰৰ পাছতেই ৰাজ্যত পুনৰ উদ্ধাৰ হ’ল নিচাজাতীয় সামগ্ৰী৷

তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগুৰি গাঁৱৰ হেমিল হাজৰিকাৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল প্ৰায় ৫৫,০০০ টকা মূল্যৰ ব্ৰাউন চুগাৰ৷ আজি পুৱা কাকপথাৰ আৰক্ষীয়ে এক অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷

আৰক্ষী অহাৰ খবৰ পাই ব্যক্তিজনে ব্ৰাউন চুগাৰ সহ পলায়নৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত হেলিম হাজৰিকাই স্বীকাৰ কৰে যে তেওঁ প্ৰায় এবছৰ পৰা ব্ৰাউন চুগাৰৰ অবৈধ ব্যৱসায় চলাই আছে আৰু ডুমডুমা ৰূপাইৰ এজন লোকে তেওঁক ব্ৰাউন চুগাৰ সমূহৰ যোগান ধৰে৷

আটকাধীন হেলিম হাজৰিকাৰ নিজৰো কানিৰ প্ৰতি আসক্তি আছে বুলি স্বীকাৰুক্তিত প্ৰকাশ কৰে৷ কাকপথাৰ আৰক্ষীয়ে এই ব্যৱসায়ৰ লগত কোনো বৃহৎ শক্তি জড়িত থকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।