
বাইহাটা চাৰিআলিঃ সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক, কিম্বা পৰিশ্ৰমহীনতাৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে। তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৃষ্ট হৈছে আৰু শৰীৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ জিমলৈ যোৱা আৰম্ভ কৰিছে।
কামৰূপ জিলাৰ বেজেৰাত বৃহস্পতিবাৰে কে ২ নামৰে শৰীৰৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰা হয় স্থানীয় লোকসকলৰ স্বাৰ্থত। এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে জলেহা বেগমে।
প্ৰায় এক শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত উপস্থিত থাকে মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা। ৰাভাই ভাষণ প্ৰসংগত কয় যে এজনে দিনত একঘণ্টা হ’লেও শৰীৰৰ চৰ্চা কৰিব লাগে। যিয়ে আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে। আনহাতে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মতিউৰ ৰহমানে কয় যে এই বৃহত্তৰ অঞ্চলত এনেকুৱা ধৰণৰ অনুষ্ঠান থকা অতি প্ৰয়োজনীয়।
যিয়ে ডেকা শক্তিক সু-স্বাস্থ্য ৰক্ষাত সহায় কৰিব। তাৰোপৰি এই শৰীৰৰ চৰ্চাত সকলো ল’ৰাই যে আগভাগ ল’ব পাৰে তেনেকুৱা নহয়, ছোৱালী এই চৰ্চাত আগভাগ ল’ব পাৰিব বুলি কয়। শৰীৰৰ চৰ্চা মুকলি অনুষ্ঠানত মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা আপ্লুত হয় আমন্ত্রণ জনোৱা বেজেৰাৰ বাসুদেব নাগাৰা নামদলৰ পৰিৱেশনত।