
মুছলপুৰ/গোৰেশ্বৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাৰ প্ৰতিবাদত অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বিটিএডিৰ চাৰিখন জিলাত৷
সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰা, বিটিএডিৰ অবড়োক নিৰপত্তা প্ৰদান কৰা, বিটিএডিৰ পৰা অবড়ো গাঁও কৰ্তন, পৃথক বড়োৰাজ্য গঠনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা অবড়ো সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ ব্যাপক প্ৰভাৱ বাক্সা জিলাতো দেখা যায়৷
বন্ধৰ ফলত জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। জিলাখনৰ সদৰ মুছলপুৰৰ লগতে নিকাছি, ডুমুনী, বৰমা, জালাহ, শিমলা, শালবাৰী, মহৰিপাৰা, শুৱাগপুৰ, আনন্দবজাৰ, বৰমা, বাগানপাৰা, তামুলপুৰ, কুমাৰিকাটা, নাগ্ৰিজুলি, গোৰেশ্বৰ, নাওকাটাকে আদি কৰি সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ পৰে৷
বন্ধৰ সময়ছোৱাত ব্যৱসায় প্ৰতিষ্ঠান, বজাৰ, যান-বাহনৰ চলাচল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বেংক, শিক্ষানুষ্ঠান বন্ধ থকা দেখা যায়৷ বন্ধৰ সময়ছোৱাত জিলাখনৰ কেইবাঠাইতো বন্ধৰ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে ওদালগুৰি জিলাৰ সদৰতো বন্ধৰ প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে। বন্ধৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই৷