
কোকৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰতো উদযাপন কৰা হয় ৭১ তম স্বাধীনতা দিৱস। কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত প্ৰতিকূল বতৰকো নেওচি উদযাপিত হোৱা ৭১ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
পতাকা উত্তোলনৰ পিছতে আৰক্ষী, এনচিচি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিৱাদন গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে নিজ ভাষণত শ্বহীদৰ আত্মত্যাগক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ, একতা আৰু মিলাপ্ৰীতিৰে সমাজ গঢ়াৰ আহ্বান জনাই উন্নয়নৰ দিশে ধাৱমান হ'বলৈ আহ্বান জনায়।
প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি হাগ্ৰামা মহিলাৰীয়ে ৰাইজক উদ্দেশ্যি দিয়া নিজৰ চমু ভাষণত বানপীড়িত ৰাইজৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি বানত সৰ্বস্ব হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ দিশটোৰ প্ৰতি গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে। তদুপৰি মহিলাৰীয়ে কোচ ৰাজবংশী আৰু আদিবাসীক জনজাতিকৰণৰ মৰ্যদা দিবলৈ আহ্বান জনায় আৰু অকল বিটিএডি এলেকাত কোচ ৰাজবংশী আৰু আদিবাসীক জনজাতিকৰণৰ মৰ্যাদা দিলেও তেওঁৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰে।
স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা কৃতী ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কোকৰাঝাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী, বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱাল, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্যকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিকূল বতৰকো নেওচি প্ৰায় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।