নাওকাটাঃ প্ৰতিবছৰে বাৰিষাৰ কালছোৱাত ফেনেফোটোকাৰে বাঢ়ি আহে ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা বৰনদী। চকুৰ পচাৰতে উটুৱাই লৈ যায় ঘৰ-দুৱাৰ, সেউজ ভূমি। নিজ চকুৰ সন্মুখতে থানবান হৈ পৰে গঞাৰ সপোন। এয়া কোনো কথাছবিৰ আৰম্ভণি নহয়। এয়াই বাস্তৱ ছবি বিটিএডিৰ বৃহত্তৰ ভাৰত-ভূটান সীমান্তবাসীৰ।

♦ ঘৰে ঘৰে টকা তুলি নিৰ্মাণ কৰিলে খৰস্ৰোতা নৈৰ বান্ধ

দেশে স্বাধীনতা লাভ কৰাৰ সাতটাকৈ দশক অতিক্ৰম কৰাৰ পিছতো জনতাৰ ভোটেৰে ক্ষমতাৰ মচনদ দখল কৰা চৰকাৰী পক্ষৰ পৰা চৰম শোষিত-নিস্পেষিত এই অঞ্চলৰ জনতা। মাত্ৰ নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ দৃষ্টিত হঠাৎ গুৰুত্বপূৰ্ণ হৈ উঠে এইসকল লোক৷

কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো হৈ পৰে নিস্তেজ-নিস্তব্ধ। হয়, ক’বলৈ লোৱা হৈছে ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডোঙাৰগাঁও, হস্তিনাপুৰ, বগৰীখুঁটি, গুৱাবাৰী আদিকে ধৰি কেইবাখনো গাঁৱৰ কথা। ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা বৰনদী যেন বিগত বহুবছৰ ধৰি এই গাঁওসমূহৰ বাবে অভিশাপ হৈ পৰিছে।

ইতিমধ্যে নৈখনৰ বুকুত তিনিখনকৈ গাঁও নিশ্চিহ্ন হোৱাৰ সমান্তৰালকৈ গৃহহাৰা হৈছে বহু পৰিয়াল। তৎসত্ত্বেও গা লৰা নাই চৰকাৰ, জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগৰ। বাৰম্বাৰ জনপ্ৰতিনিধি-চৰকাৰৰ ওচৰত অনুনয়-বিনয় কৰিও কোনো সুফল নাপালে গাঁওবাসীয়ে। যাৰ বাবে চৰকাৰী অনুদানৰ আশা নকৰি গাঁওবাসীয়ে নিজাববীয়া প্ৰচেষ্টাৰে সাজি উলিয়ালে বৰনদীক ভেটা দিবৰ বাবে দুটাকৈ শিলৰ বান্ধ।

সপ্তাহৰ প্ৰতিটো দেওবাৰ আৰু বৃহস্পতিবাৰে সদলবলে ওলাই আহে তিনিখন গাঁও ক্ৰমে হস্তিনাপুৰ, ২নং ডোঙাৰগাঁও আৰু গুৱাবাৰীৰ ৰাইজ আৰু শ্ৰমদানেৰে বৰ্তমান নিৰ্মাণ কৰি আছে বৰনদীৰ বুকুত তৃতীয়টো বান্ধ। চৰকাৰ-জনপ্ৰতিনিধিক প্ৰত্যাহ্বান জনাই প্ৰতিটো পৰিয়ালৰ পৰা ১০০-৫০০০ পৰ্যন্ত আৰ্থিক বৰঙনি তুলি নিজে শিল কঢ়িয়াই, তাঁৰ কিনি বান্ধ বান্ধি এইসকল লোকে প্ৰমাণ কৰিলে 'ৰাইজে নখ জোকাৰিলে নৈ বয়' আপ্তবাক্যশাৰীক।

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় এইসকল লোকৰ খবৰ ল’বলৈ আহৰি হ'বনে চৰকাৰ, জনপ্ৰতিনিধি কিম্বা জলসম্পদ বিভাগৰ? পৰিবৰ্তনৰ শ্লোগানেৰে দিছপুৰৰ মচনদ দখল কৰা সৰ্বানন্দ সোণোৱাল আৰু মডেল বিটিচিৰ শ্লোগান আওৰাই অহা হাগ্ৰামা মহিলাৰীৰ সুদৃষ্টি পৰিবনে এইসকল নৈপৰীয়া গঞাৰ দুৰ্দশাত।