GUতকৈ সুন্দৰ হ’ব BU

কোকৰাঝাৰঃ কোকৰাঝাৰৰ নিকটৱৰ্তী দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি নৱাগত অাদৰণি সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰনছাই খুংগুৰ মুছাহাৰীয়ে অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ উন্নয়ন সভাৰ সঞ্চালক হৰেকৃষ্ণ শাহুয়ে সভাপতিত্ব কৰে।

আজি নৱাগতা অাদৰণি সভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ তদুপৰি অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আলফা নেতা তথা উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেটিয়াও উপস্থিত থাকে৷ অনুষ্ঠানটোত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱা, পঞ্জীয়ক বিষয়া ড০ শেখৰ ব্ৰহ্ম আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলৰ উপৰিও ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই আদৰণি ভাষণ ৰখা মুকলি সভা উদ্ধোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক দীননাথ বসুমতাৰীয়ে। আজিৰ নৱাগতা অাদৰণি সভাত প্ৰথমে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত আৰু বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

ইপিনে বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম পিএইচডি ডিগ্ৰী সম্পন্ন কৰা তিনিজন শিক্ষাৰ্থী ক্ৰমে মুকুণ্ড দেউৰী, নুছাৰ বৰগয়াৰী আৰু চেলিষ্টিনা নাৰ্জাৰীক প্ৰশংসনীয় প্ৰমাণ পত্ৰ আগবঢ়ায় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আনহাতে আলফা নেতা অনুপ চেতিয়াই মুকলি সভাত উপস্থিত থাকি বিপ্লৱৰ সংগ্ৰাম কৰা সময়ত কাৰাগাৰত আৱদ্ধ হৈ থকাৰ কথা সদৰী কৰি কয় যে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ দৰে এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ সুখী বুলি অনুভৱ কৰিছে৷

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰ চমু ভাষণত কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা যেনে খোৱা পানী, প্ৰেক্ষাগৃহ ইত্যাদি সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০ কোটি আৰু ৰাজ্য চৰকাৰৰ পৰা ২৫ কোটি টকা আৰ্থিক অনুদানেৰে বিশ্ববিদ্যালয়খনৰ সমস্যা সমাধান কৰা হ’ব বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়তকৈও বড়োলেণ্ড বিশ্ববিদ্যালয়খনক আটকধুনীয়া হিচাপে গঢ়ি তোলা হ’ব।

মহিলাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে দুখনকৈ বাছ আগবঢ়োৱা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ ইপিনে বিশ্ববিদ্যালয়খনত গুৰু বিষয়ত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা বুলি চৌদিশে বিতৰ্ক অব্যাহত থকাত হাগ্ৰামা মহিলাৰীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভুলৰ বাবেই তেনে বিতৰ্ক হোৱা বুলি সদৰী কৰে৷ অৱশ্যে ভুলৰ শুধৰণি কৰা হৈছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে।