
newsnextone.com | ডিব্ৰুগড়ঃ যোৱা ১৬ জুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ দুলীয়াজানত অনুষ্ঠিত এখন গণ সমাবেশত অংশ লৈ অখিল গগৈয়ে সোণোৱাল কছাৰীসকলৰ বিৰুদ্ধে মন্তব্য প্ৰকাৰ কৰা বুলি সোণোৱাল কছাৰী যুৱ মঞ্চ নামৰ এটা সংগঠনে অভিযোগ উত্থাপন কৰিছিল৷
সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে একপ্ৰকাৰ উচিত প্ৰত্যুত্তৰ দিলে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই৷ সোমবাৰে ডিব্ৰুগড় চহৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত গণ সমাবেশত অখিল গগৈ বহি থকা মঞ্চত ভাষণ প্ৰদান কৰি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে অখিল গগৈ সোণোৱাল বিৰোধী নহয় বুলি স্পষ্ট কৰে৷
বুধিন সোণোৱালে ভাষণ প্ৰদান কৰি কয় ‘‘অখিল গগৈ ডাঙৰীয়া সোণোৱাল কছাৰী বিৰোধী নহয়৷ অখিল গগৈয়ে কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কোনো মন্তব্য নাৰাখে৷ তেওঁ এটা সংগ্ৰামী সত্তাত আগবাঢ়ি আহিছে৷ তেওঁ ত্যাগ কৰিছে৷ বাৰে বাৰে জেললৈ গৈছে৷ তেনে এজন ব্যক্তিয়ে অন্য এটা জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰিব নোখোজে৷ আৰএছএছে কাৰ্বি আংলঙৰ ঘটনাৰ পিছত অসমত এটা জাতিৰ ওপৰত আন এটা জাতিৰ মনোভাব সলনি কৰাৰ প্ৰচেষ্টা চলাইছে৷’’
সোণোৱাল জনগোষ্ঠীৰ এটা সংগঠনে অখিল গগৈয়ে সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে গণ সমাবেশত অংশ লৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে এই মন্তব্য প্ৰকাশ কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১৬ জুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ দুলীয়াজানত অনুষ্ঠিত গণ সমাবেশত কৃষক নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷
তাৰ পিছতে অখিল গগৈয়ে সভাত সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ বুলি এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰিছিল সোণোৱাল কছাৰী যুৱ মঞ্চ নামৰ সংগঠনটোৱে৷ সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুল ৰাজ সোণোৱালে এক বিবৃতি যোগে অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সমগ্ৰ সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে৷
সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ সভাপতিগৰাকীয়ে বিবৃতিতত আৰু কয় ‘‘অখিল গগৈয়ে এটা কথা মনত ৰখা উচিত যে তেওঁ অকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা নাই৷ এই প্ৰতিবাদ সোণোৱাল কাছাৰী সংগঠন সমূহেও কৰি আহিছে আৰু কৰি যাব৷ কিন্তু মুথ্যমন্ত্ৰী সোণোৱালৰ লগতে জাতিটোক সাঙুৰি অপমানজনক মন্তব্য আগবঢ়াই আহঁফলা নীতি প্ৰয়োগ কৰিছে কিয়?’’
ইমানে নহয় এজন মানুহৰ বাবে গোটেই জাতিটোক টানি আনিব লগা হ’ল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে৷ অনাগত দিনত অসমীয়াৰ মাজত বিভেদ অনাৰ দৰে মন্তব্য নিদিবলৈ সদৌ সোণোৱাল কছাৰী যুৱমঞ্চই সকীয়াই দিয়ে অখিল গগৈক৷ অন্যথাই অনাগত প্ৰতিবাদী কাৰ্যসূচীত সোণোৱাল কছাৰী লোকসকলে অংশগ্ৰহণ নকৰে বুলি মন্তব্য প্ৰকাশ কৰে৷ উল্লেখ্য যে, অখিল গগৈয়ে সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে কি মন্তব্য প্ৰকাশ কৰিছিল সেই কথা উল্লেখ কৰা নাই সংগঠনটোৱে বিবৃতিত৷