01
Feb
2017

নতুন দিল্লীঃ কৃষকৰ বাবে হ’ব সুখবৰ ! গ্ৰামোন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় বাজেটত এইবাৰ দিয়া হৈছে ১০ লাখ কোটিৰ কৃষিঋণৰ আবণ্টন।
কৃষিক্ষেত্ৰৰ উন্নয়নৰ হাৰ ৪.১ শতাংশ হোৱা বুলি উল্লেখ কৰা বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে দাবী কৰে যে আগন্তুক ৫ বছৰত কৃষকৰ আয় দুগুণ হ’ব। ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ বাবে ৫০০০ কোটি টকাৰ প্ৰাৰম্ভিক কৰপাচৰ কথাও বাজেটত ঘোষণা কৰা হয়।
শস্য বীমাকৰণ আঁচনিৰ অধীনত খেতিপথাৰৰ ৪০ শতাংশ ভূমি সামৰি লোৱা হ’ব বুলিও জেটলিয়ে ঘোষণা কৰে। চৰকাৰখনে কণ্ট্ৰেক্ট ফাৰ্মিঙৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় যিটো বিভিন্ন ৰাজ্যৰ বাবে প্ৰয়োগ কৰা হ’ব।