
ডিব্ৰুগড়ঃ গৰু নহয়, এইবাৰ ম'হৰ চোৰাং বেহা চলিছে উজনিত। উজনিৰ পৰা গৰুৰ উপৰি ম'হৰ অবৈধ বেহা চলাই থকাৰ দৃশ্য আজি পোহৰলৈ আহে ডিব্ৰুগড়ত। ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীয়ে এক ট্ৰাক চোৰাং ম'হ জব্দ কৰা ঘটনাই উদঙাইছে ক'লা ব্যৱসায়ৰ আন এক অধ্যায়।
জানিবপৰা মতে চিলাপথাৰৰ পৰা অৰুণাচলৰ খুনচা লৈ নিয়াৰ পথত ডিব্ৰুগড়ৰ বগীবিল ঘাটত আৰক্ষীয়ে AS 09C 4369 নম্বৰৰ ট্ৰাকসহ জব্দ কৰে মুঠ ১৩ টা গোনা ম'হ। ডিব্ৰুগড়ৰ দুজন ব্যৱসায়ীৰ নেতৃত্বত এই ম'হ কেইটা অবৈধভাৱে কঢিয়াই নিছিল বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড়ৰ মাজেদি এনেদৰে ম'হ নিবলৈ সাহস কৰা ঘটনাই উজনিত যে গৰু-ম'হৰ চোৰাং ব্যবসায় অব্যাহত আছে সেয়া স্পষ্ট হৈ পৰিছে। ডিব্ৰুগড়ৰ দুজন ব্যৱসায়ীৰ নেতৃত্বত আন্তঃৰাজ্যিকভাৱে চলা চোৰাং গৰু-ম'হ ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলি আছিল যদিও আৰক্ষীৰ মৌন ভূমিকা সন্দেহজনক। আৰক্ষীয়ে মূল চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও চোৰাংব্যৱসায়ৰ লগত জড়িত ৭ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযোগ মতে সঞ্জীৱ সোণোৱাল আৰু অৰূপ গগৈ নামৰ দুজন চোৰাং ব্যৱসায়ীয়ে আৰক্ষীৰ সৈতে মিতিৰালি কৰি অবৈধভাৱে চোৰাং গৰু আৰু ম'হ সৰবৰাহ কৰি আহিছিল। যোৱা নিশাও চিলাপথাৰৰ পৰা চোৰাং ম'হ কেইটা কঢ়িয়াই আনিছিল অৰুণাচলৰ খুনছা অভিমুখে।
এখন ট্ৰাকতে হৃদয়বিদাৰকভাৱে পাণ জপাদি গোনা ম'হ কেইটা লৰচৰ হ'ব নোৱাৰাকৈ বান্ধি ৰাখিছিল ব্যৱসায়ী চক্ৰটোৱে। উজনি অসমত এনেদৰে গৰু-ম'হৰ আন্তঃৰাজ্যিক চক্ৰ সক্ৰিয় হোৱা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰা সচেতন মহলে এনে চোৰাং বেহা বন্ধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।