
ডিজিটেল ডেস্কঃ দেশ বিৰোধী শ্ল’গানক লৈ আকৌ গৰম হৈছে দেশৰ ৰাজনীতি৷ আকৌ ভাৰতৰ ভূমিত পাকিস্তান শ্ল’গান দিয়াৰ অভিযোগ উত্থাপন হৈছে তিনি যুৱকৰ বিৰুদ্ধে৷ বিহাৰৰ আৰৰিয়া লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই এটি ভিডিঅ’ ভাইৰেল হৈ পৰে৷
#Bihar: 2 men, named Sultan Aazmi & Shehjad, arrested over viral video from #Araria, that showed people raising anti-India slogans.
— ANI (@ANI) March 16, 2018
জানিব পৰা মতে, ভিডিঅ’টোত পাকিস্তান জিন্দাবদ শ্ল’গান দিয়ে তিনি যুৱকে৷ আৰজেডিৰ প্ৰাৰ্থী চৰফৰাজ আলম বিজয়ী হোৱাৰ বিছতেই বিজয়ৰ উল্লাস কৰাৰ সময়ত পাকিস্তান জিন্দাবাদ শ্ল’গান দিয়াৰ অভিযোগ উত্থাপন হয়৷ ইতিমধ্যে ঘটনাক গুৰুত্ব সহকাৰে লৈ আৰৰিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
Araria: Locals take out protest rally demanding action in the case where a video surfaced online showing three men raising pro-Pakistan and anti-India slogans in Araria. FIR has been registered and police is on the look-out of the three men who are absconding. #Bihar pic.twitter.com/AwYJXjCRmI
— ANI (@ANI) March 15, 2018
ভিডিঅ’টোত প্ৰত্যক্ষ কৰা তিনি যুৱকৰ ভিতৰত দুজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ অভিযুক্ত তিনিজন চোলতান আজমী, শ্বাহজাদ আৰু আদিব ৰাজা বুলি জানিব পৰা গৈছে৷ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতেই আৰৰিয়াৰ স্থানীয় জনসাধৰণ ৰাজ পথলৈ ওলাই আহে৷
ঘটনাৰ তদন্ত কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জনায়৷ প্ৰশাসনে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷ ইফালে একাংশ লোকে ভিডিঅ’টো সম্পাদনা কৰাৰো অভিযোগ উত্থাপন কৰে৷
এদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বিহাৰৰ আৰৰিয়া জিলা সন্ত্ৰাসবাদীৰ ঘাটি হ’ব বুলি কৈছিল৷ কেৱল বিহাৰৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এয়া বিপজ্জনক বুলি কয়৷
ৰাজনৈতিক আকাংক্ষা পূৰণ কৰাৰ বাবে আৰজিডিয়ে কট্টৰবাদৰ নতুন সংস্কৃতি জন্ম দিয়া বুলি কয়৷ নেপাল আৰু বেংগলৰ সৈতে সংপৃক্ত হৈ থকা আৰৰিয়া জিলা বিহাৰৰ বাবেই নহয় দেশৰ বাবে ভয়াবহ বুলি কৈ সন্ত্ৰাসবাদীৰ ঘাটি হ’ব বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে৷