লংকাঃ মোবাইল এতিয়া বিলাসিতা নহয়। দৈনন্দিন জীৱনৰ বাবে এটা ভাল মোবাইল সকলোকে লাগে।প্ৰয়োজনীয় হ'লেও মোবাইলটো কিমান ভাল আৰু দামী হ'ব সেয়া নিৰ্ভৰ কৰিব সামৰ্থ্য আৰু কামৰ ওপৰত।

কিন্তু একাংশ লোকৰ হাবিয়াসৰ বাবে এতিয়াও বহুতে মোবাইলক বিলাসিতা আখ্যা দি আহিছে। বিশেষকৈ দামী মোবাইলক প্ৰয়োজনীয়তাৰ বিপৰীতে ব্যক্তিভেদে বিলাসিতা বা ছখ আখ্যা দিয়াতো কোনো ভুল কথা হ'ব নোৱাৰে।

দামী মোবাইল ফোনৰ এনে ছখে এতিয়া বহুতৰে জীৱনলৈ নমাই আনিছে  অন্ধকাৰ। নৱ-প্ৰজন্মৰ একাংশই এতিয়াও দামী মোবাইল ফোনৰ বাবে জীৱনটোকো শেষ কৰি দিবলৈ কুণ্ঠাবোধ নকৰে। 

বুধবাৰে এনে এক ঘটনাই সংঘটিত হ'ল লংকাৰ শিংজুৰি অঞ্চলত। অঞ্চলটোৰ বুলু নামৰ এজন যুৱকে নিজৰ অভিভাৱকক ১৮ হাজাৰ টকাৰ মোবাইল এটা কিনি দিবলৈ অনুৰোধ কৰিছিল যদিও অপৰাগতা প্ৰকাশ কৰাত খঙত একো নাই হৈ পৰে।

ইয়াৰ পিছতে সন্ধিয়া পথাৰলৈ গৈ বিষাক্ত দ্ৰৱ্য খাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে মোবাইল দাবী কৰা বুলুৱে। অৱশ্যে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে উক্ত কথাৰ উমান পাই বুলুক নিশা প্ৰায় ৭.৩০ বজাত ততাতৈয়াকৈ আনি লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়।

স্থানীয় লোক আৰু চিকিৎসকৰ প্ৰচেষ্টাত প্ৰাণ ৰক্ষা পৰে বুলু নামৰ উক্ত যুৱকজনৰ। বুলু লংকাৰ এখন শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। বুলু নামৰ এই যুৱকজনৰ কৰ্মকাণ্ডই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।