গুৱাহাটীঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল বিধ্বংসী অগ্নিকাণ্ড৷ মহানগৰীৰ বৰবাৰীত দুপৰীয়া বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈ এটি ঘৰ জুইত জাহ যায়৷

জানিব পৰা মতে, হৰিশ দাস নামৰ এজন লোকে অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোত ভাড়াতীয়া হিচাপে আছিল৷

হৰিশ দাসৰ সকলো সম্পত্তি জুইত জাহ যায়৷ প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ আনহাতে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই৷