অভয়াপুৰীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানীয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰখৰ সময়তে বঙাইগাঁৱৰ অভয়াপুৰীত ৰাজ পথত মাদানীৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে৷

জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি অসম সন্দৰ্ভত মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে৷ মঙলবাৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে মাদানীৰ প্ৰতিকৃতি দাহ কৰি মাদানীৰ মন্তব্যৰ বিৰোধিতা কৰে৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে মাদানীৰ বিৰুদ্ধে আৰ্শ্বাদ মাদানী হায় হায়, অসমত বাংলাদেশীৰ দাদাগিৰি নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

সংগঠনটোৱে সকলো মুছলমানৰ অভিভাৱক নহবলৈ সকীয়াই দিয়ে মাদানীক৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদে মাদানীৰ বিহাৰ-উত্তৰ প্ৰদেশৰ দৰে অসমত মুছলমানৰ হৈ দালালগিৰি কৰা কোনো কাৰণতেই সহ্য কৰা নহ’ব। অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী লোকসকলে মাদানীক কেতিয়াও অভিভাৱক হিচাপে মানি লোৱা নাই আৰু ভৱিষ্যতেও মানি নলয়। অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী লোকৰ হৈ নেতাগিৰি কৰাৰ আগতে অসমীয়া জাতিৰ ইতিহাসৰ জ্ঞান অৰ্জন কৰি আহক বুলি মাদানীক আহ্বান জনায় সভাপতি গৰাকীয়ে।

আনহাতে আমছুৰ সভাপতি আজিজুৰ ৰহমানে অসমত অসমীয়াগিৰি সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক বিৰোধিতা কৰি অসমত অসমীয়াৰ প্ৰভুত্ব নাথাকি বাংলাদেশীৰ প্ৰভুত্ব থাকিব নেকি বুলি প্ৰশ্ন কৰে আমছুৰ সভাপতিগৰাকীয়ে। স্মৰ্তব্য য়ে, সোমবাৰে দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে  NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷