26
Aug
2017

তুলসীবাৰীঃ দাউদাউকৈ জ্বলি উঠিল একুৰা জুই৷ লগে লগে সকলোৰে মাজত সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতি৷
ৰঙিয়াৰ নিকটৱৰ্তী বাক্সা জিলাৰ অন্তৰ্গত দ্বাৰকুছিত শুকুৰবাৰে নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ হঠাৎ জলি উঠা জুইকুৰাই লগে লগে এক সিস্তৰ অঞ্চল চানি ধৰে৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও দ্বাৰকুছি বজাৰৰ কেইবাখনো দোকান ভস্মীভূত হৈ লক্ষাধিক সম্পত্তিৰ ক্ষতিসাধন হয়৷
ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে ঘটনা সংঘটিত হোৱা বুলি বহুতেই অনুমান কৰিছে৷