
বোকাজানঃ অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ গৌতমবস্তিত এটা পাৰ্কিংত হঠাতে দুখন তেল পৰিবাহী টেংকাৰ দাউ দাউকৈ জ্বলি উঠিত আতংকৰ সৃষ্টি হয়৷ বোকাজান মহকুমাৰ গৌতমবস্তিত নগালেণ্ড সংযোগী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পাৰ্কিংত ৰখাই থোৱা ডিজেল পৰিবাহী টেংকাৰ দুখনত হঠাতে অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত অঞ্চলটোত আতংকময় পৰিবেশৰ সৃষ্টি হয়৷
পাৰ্কিংত ৰখাই থোৱা অৱস্থাত টেংকৰ দুখনত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যদিও আৰক্ষী তথা চিআৰপিএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ ঘটনা কাণ্ডৰ পৰা ৰক্ষা পৰে বৃহৎ অঞ্চলটো৷ চুবুৰীয়া ৰাজ্য মণিপুৰত সঘনাই সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনাৰ বাবে ৰাজ্যখনলৈ যোৱা তেল পৰিবাহী টেংকাৰ সমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুই তিনি দিনৰ অন্তৰে অন্তৰে বোকাজানৰ পৰা মণিপুৰলৈ প্ৰশাসনে পাৰ কৰে৷
টেংকাৰ সমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মণিপুৰলৈ প্ৰেৰণ কৰিবৰ বাবে বোকাজান মহকুমাৰ গৌতমবস্তি এলেকাত দুই তিনি দিনৰ বাবে কেইবাটাও পাৰ্কিংত ৰখাই থোৱা হয়৷ পাৰ্কিং সমূহৰ সুবিধা লৈয়ে এচাম অসাধু ব্যৱসায়ীয়ে নিশাৰ ভাগত টেংকাৰসমূহৰ পৰা তেল চুৰি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনে উত্থাপন হৈ আহিছে৷
স্থানীয় ৰাইজে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা টেংকাৰ দুখনৰ সমীপতে থকা এটা গৃহৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনাৰ সূত্ৰপাত হোৱা বুলি কৈ গৃহটোত টেংকাৰ সমূহৰ পৰা চুৰি কৰা তেল মজুত কৰি থোৱাৰো সন্দেহ প্ৰকাশ কৰে৷ অগ্নি কাণ্ড সংঘটিত হোৱা টেংকাৰ দুখনৰ এখন দীৰ্ঘদিনধৰি মেৰামতিৰ বাবে তেল খালী কৰি উক্ত স্থানত ৰখাই থোৱাৰ লগতে ডিজেল পৰিবাহী আনখন টেংকাৰত ডিজেল কমকৈ থকাৰ বাবে বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে বৃহৎ অঞ্চলটো৷