
মুকালমুৱাঃ হাজো-দৌলাশাল পথত ষ্টাৰ বাছ, ট্ৰেভেলাৰ আৰু উইঙগাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িছে ইজনৰ-পিছত সিজন পথচাৰীৰ৷ উক্ত পথ চোৱাত তীব্ৰ বেগী ষ্টাৰ বাছ, ট্ৰেভেলাৰ অাৰু উইঙগাৰে সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
আজিও দুপৰীয়াৰ ভাগত হাজো-দৌলাশাল পথৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীত গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ থকা ষ্টাৰ বাছৰ খুন্দাত এটি শিশু গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী মতে গুৱাহাটীৰ পৰা বৰপেটা আভিমুখে গৈ থকা AS-15-C-8032 নম্বৰৰ ষ্টাৰ বাছখনে আন এখন একে অভিমুখী ষ্টাৰ বাছক অভাৰটেক কৰিবলৈ লওতে পথৰ দাঁতিত ৰৈ থকা আয়ুব আলী নামৰ ১২ বছৰীয়া শিশুটিৰ গাত খুন্দা মাৰে৷
তীব্ৰবেগী বাছখনৰ খুন্দাত শিশুটি গুৰুতৰ ভাবে আহত হয়৷ স্থানীয় লোকে শিশুটিক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে৷
ইপিনে দুৰ্ঘটনাস্থলীত স্থানীয় লোকে দুৰ্ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও দৌলাশাল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷