কাজিৰঙাঃ বোকাখাতৰ কাজিৰঙাত ত্ৰিশূল নামৰ এখন যাত্ৰীবাহী বাছৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় এগৰাকী লোক৷ তীব্ৰবেগী ত্ৰিশূল নামৰ বাছখনে পথৰ দাঁতিৰে গৈ থকা লোকজনক মহতিয়াই নিয়ে৷

জানিব পৰা মতে, পথৰে স্কুটাৰ চলাই আহি আছিল লোকজনে৷নিপেন গগৈ নামৰ লোকজনক বোকাখাত অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰাইজ তথা আৰক্ষীয়ে৷

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি আছিল ত্ৰিশূল নামৰ বাছখনৰ চালকে দূৰ্ঘটনা সংঘটিত কৰি গাড়ী সহ পলায়ন কৰে৷