28
Aug
2017

বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত আজি এখন বাছ দুৰ্ঘটনাত পতিত হয়৷ বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী AS-25AC-6388 নম্বৰৰ আল্ট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত বাগৰি পৰে৷
দুৰ্ঘটনাত কথোমপি প্ৰাণ ৰক্ষা পৰে শিশু আৰু মহিলা সহ ২০ জন যাত্ৰীৰ৷ বৰপেটা-গুৱাহাটী সংযোগী পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা এই ব্যস্ত পথটোৰ মেৰামতিৰ দাবীত বিভিন্ন দল-সংগঠনে সময়ে সময়ে প্ৰতিবাসদ-আন্দোলন কৰি আহিছে যদিও চৰকাৰে চকু মুদা কুলিৰ ভেশ ধৰি থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷