19
Sep
2017

ৰঙিয়াঃ ব্যৱসায় প্ৰতিষ্ঠান এৰি প্ৰতিবাদত নামিল ব্যৱসায়ী৷ ৰঙিয়াত সোমবাৰে কেবাশতাধুক ব্যৱসায়ীয়ে ৰঙিয়া পৌৰ সভাৰ কাৰ্ড়ালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰঙিয়া তিনিআলিস্থিত ইণ্ডিয়া গেট উচ্ছেদৰ দাবী জনায়৷
ৰঙিয়া তিনিআলি দৈনিক বজাৰৰ ব্যৱসায়ীসকলে ব্যৱসায় প্ৰতিষ্ঠান এৰি থৈ হাতে হাতে প্লেকাৰ্ড লৈ ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় এঘন্টা সময় প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত বজাৰখন উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী দৈৱকী বড়োৱে৷