দলংঘাটঃ দৰং জিলা ৰাজ্যৰ খনৰ ভিতৰতে এখন চহকী জিলা৷ গীত-মাত, কৃষ্টি-সংস্কৃতি, পৰম্পৰা, শিক্ষা-দীক্ষাৰে চহকী দৰং জিলা৷ পুৰ্বে তেজপুৰ শোণিতপুৰ আদি ঠাই দৰং জিলাৰ সৈতেই সংপৃক্ত হৈ আছিল৷ ১৯৮৩ চনত দৰং জিলাৰ বিভাজন হয় হয় আৰু শোণিতপুৰ জিলা গঠন হয়। ২০০৩ চনত ভাৰত চৰকাৰৰ সৈতে বিএলটিৰ চুক্তি হোৱাৰ পিছত ২০০৪ চনত পুনৰ দৰং জিলাৰ এটি বৃহৎ অংশক সামৰি গঠন হয় ওদালগুৰি জিলা।

 দৰং জিলাক পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ইতিহাসৰ বাবে বিখ্যাত। পথৰুঘাটৰ ৰণ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক কৃষক বিদ্ৰোহৰ বাবে ইতিহাসে স্মৰণ কৰি আহিছে৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা পশ্চিম দিশে প্ৰায় ১৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৰোঁতে বৃটিছে চলোৱা গুলিত বহু কৃষকৰ মৃত্যু হৈছিল। দৰং জিলাৰ পথৰুঘাটত সংঘটিত এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বুলি জনা যায়।

পথৰুঘাটৰ ৰণৰ স্মৃতি সোণালি আখৰেৰে লিখা থকাৰ লগতে দৰং জিলাক বৰ্ণিল কৃষ্টি-সংস্কৃতি, লোক পৰম্পৰাৰ ভৰাল বুলি জনা যায়৷ বিশেষকৈ বিলুপ্তপ্ৰায় ব্যাসৰ ওজাপালিৰ বাবে আজিও বিখ্যাত দৰং৷ কেৱল ব্যাসৰ ওজাপালিয়ে নহয় সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত,  নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম, থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টিয়ে জীপাল কৰি ৰাখিছে। ইতিহাস মতে কোচ ৰজাৰ দৰবাৰত বিশেষ স্থান পাইছিল ব্যাসৰ ওজাপালিয়ে।

কোচ ৰজাৰ কাৰ্যকালত দৰঙী ব্যাসৰ ওজাক ৰাজ দৰবাৰলৈ আমন্ত্ৰণ জনাই সন্মানিত কৰা হৈছিল। পৌৰাণিক আখ্যান আৰু ধৰ্মীয় দৰ্শনৰ ওপৰত ভিত্তি কৰি পৰিৱেশন কৰা এই ব্যাসৰ ওজাপালি দৰঙীয়া লোক-কৃষ্টিসমূহৰ অন্যতম। শাস্ত্ৰীয় পদ্ধতিৰে পৰিৱেশন কৰা এই ওজাপালি জিলাখনৰ লগতে অসমতো প্ৰসাৰৰ বাবে এচাম শিল্পীয়ে অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে। এই ব্যাসৰ ওজাৰ এজন আজন্ম শিল্পী তীৰ্থ নাথ ওজা।

দৰং জিলাৰ চৰণধৰাৰ গঢ়িয়া গাঁৱৰ এইগৰাকী শিল্পী দল-সংগঠন তথা চৰকাৰৰ পৰা আজিও অৱহেলিত। তাৰ মাজতে উত্তৰপ্ৰদেশৰ বাৰানসীত উজলিল দৰঙৰ ব্যাস ওজাপালি৷ সংগীত নাটক একাডেমীৰ অন্তৰ্গত সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত উত্তৰ প্ৰদেশৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পণ্ডিত ওংকাৰ নাথ ঠাকুৰ প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দশম সত্ৰীয়া সমাৰোহৰ ৮ অক্টোবৰৰ অন্তিম দিনৰ শেষ কাৰ্যসূচীত দৰঙৰ সুৰেন্দ্ৰ নাথ ওজাৰ দলে ব্যাস সংগীত পৰিবেশন কৰি ভাৰতবর্ষৰ কলা ৰসিকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

হেমচন্দ্র ডেকাৰ নেতৃত্বত যোৱা ওজাপালি দলটোৱে গুৰু বন্দনা, সংগীতালাপ আৰু ৰাগ পৰিবেশন কৰে। সুৰেন্দ্ৰ নাথ ওজাৰ ব্যাস ওজাপালি দলত মতিৰাম বড়া, হেমচন্দ্র ডেকা, গম্ভীৰ নাথ, মুকুন্দ ডেকা, গহীন চন্দ্ৰ নাথ, সুনীল শইকীয়া আৰু জয়ন্ত নাথে অংস লয়। ৬ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হোৱা সমাৰোহত গুৱাহাটীৰ মিতালী দে, উপাসনা শৰ্মা, বৰ্নালী দেৱী, জোনালী ওজা বসুমতাৰী, সৌৰভজ্যোতি মহন্ত, বৰপেটাৰ গৌতম বায়ন, নন্দিতা বায়ন, ঢকুৱাখানাৰ পৰিস্মৃতা ফুকন, তেজপুৰৰ পৰিনীতা গোস্বামী, ডিব্ৰুগড়ৰ সংগীতা কটকী, যোৰহাটৰ মীনাক্ষী শইকীয়াৰ বৰগীত পৰিৱেশন কৰে।

মাজুলীৰ কমলাকান্ত ভূঞা বৰবায়ন, বৰপেটাৰ বিপুল বৰা, মনোজ কুমাৰ দাস, মনোজ কুমাৰ দাস, গুৱাহাটীৰ ধৃতিগোৱিন্দ দত্ত, কুশ মহন্ত, অৰুনাভ জ্যোতি মালাকাৰৰ খোলবাদনৰ উপৰিও লক্ষিমপুৰৰ লোহিত বৰুৱাৰ মৃদঙ্গ বাদন পৰিৱেশন কৰে। অসমৰ "সত্ৰীয়া সংগীত" পৰম্পৰা আৰু "সত্ৰীয়া পৰম্পৰা তাল পদ্ধতি" শীৰ্ষক বক্তৃতা প্ৰদান কৰে বৰপেটা এম, চি কলেজৰ সহঃ অধ্যাপক বাবুল চন্দ্ৰ দাস আৰু ড০ ভৱানন্দ হাজৰিকা বৰবায়নে। শ্ৰীমন্ত শংকৰদেৱৰ দাৰ্শনিকতা আৰু তেওঁৰ সৃষ্টি "বৰগীতৰ সাংগীতিক বিশ্লেষন" শীৰ্ষক বক্তৃতা প্ৰদান কৰে আউনী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী আৰু বৰপেটাৰ গুনিন্দ্ৰ নাথ ওজাই। দৰং জিলাৰ শিল্পী সকলৰ অংশ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷