
বিহালীঃ বিপ্লৱী যুৱ সন্থা আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ নেতা-কৰ্মীয়ে বিশ্বনাথ জিলাৰ বিহালীত বৃহস্পতিবাৰে বিভিন্ন ৰেলি উলায়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন দাবীৰ সমৰ্থনত বাইক ৰেলী উলিয়াই বিশ্বনাথ জিলাৰ বিহালী বিপ্লৱী যুৱ সন্থা আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ লগতে খোৱাপানী, চিকিৎসা সেৱা আদি প্ৰদানৰ দাবীত এই ৰেলি উলিয়াই৷
অহা ২০ নৱেম্বৰত গুৱাহাটীত চাহ-শ্ৰমিক সমাবেশ সফল কৰাৰ বাবেও বাইক ৰেলীৰ জৰিয়তে ৰাইজক সজাৰ কৰে৷ বিজেপি চৰকাৰে চাহ-শ্ৰমিকসকলক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰক, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সমাহাৰত অসমৰ চাহ-শ্ৰমিকক মজুৰি দিয়ক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, ২০ নৱেম্বৰত গুৱাহাটীত হবলগীয়া শ্ৰমিকৰ "ন্যায় সমাবেশ" সফল কৰক আদি শ্ল'গানৰে বিশ্বনাথৰ প্ৰায় ১৫ খন বাগিচা ভ্ৰমণ কৰে ৰেলিটোৱে৷