প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো

নলবাৰীঃ ৰাজ্যত আজিও সক্ৰিয় হৈ আছে বাইক চোৰ৷ সপ্তাহত ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত বাইক চুৰি হোৱাৰ ঘটনা সংঘটিত হৈ অহাৰ মাজতে নলবাৰী জিলাৰ বেলশৰৰ নদলা বজাৰৰ পৰা এখন বাইক চুৰি হয়৷

জিলা খনৰ বেলশৰ থানাৰ অন্তৰ্গত সন্ধেলী গাঁৱৰ ৰঞ্জিত ঠাকুৰীয়াৰ AS-14-E-5221 নম্বৰৰ গ্লেমাৰ বাইক খন লৈ ঘৰৰ পৰা কিছু নিলগৰ নদলা বজাৰলৈ য়ায৷

ৰঞ্জিত ঠাকুৰীয়াই পুৱা প্ৰায় ১০-৩০ বজাত পথৰ দাতিত বাইক খন ৰখাই বজাৰ খনৰ ভিতৰলৈ যায়৷ বজাৰ কৰি বাইক ৰখাই থোৱা ঠাইলৈ আহি বাইক খন দেখা নাপায় ওচৰে-পাজৰে থকা লোকক সোধে যদিও বাইক খন কোনে নিলে উলিয়াব নোৱাৰিলে৷ ঠাকুৰীয়াই বেলশৰ আৰক্ষী থানাত বাইক চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে৷