বিহালীঃ ৰাজ্যৰ অন্যতম মেহনতী জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ লোকসকল আজিও ক্ষোভিত৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওলোকে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ককবকাব লগা হয় জনগোষ্ঠীটোৰ লোকসকলে। জনগোষ্ঠীটোৰ লোকসকলক লৈ একাংশ লোকে ৰাজনীতি কৰি আহিছে যদিও জনগোষ্ঠীটোৰ উন্নয়ণক গুৰুত্ব আৰোপ কৰা দেখা নাযায়।

জনগোষ্ঠীটোৰ লৰা-ছোৱালীয়ে সাধাৰণ জলপানীৰ বাবে চৰকাৰৰ বিৰুদ্ধে যুজ কৰিব লগা হয়। স্বাস্থ্য, শিক্ষা, খোৱাপানী আদিৰ বাবে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা হয় জনগোষ্ঠীটোৰ লোকে৷ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰ হ'ল যদিও সমস্যা সমাধান নহ'ল জনগোষ্ঠীটোৰ৷

কপালৰ ঘাম মাটিত পেলায় ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা আদিবাসীসকলে ন্যায় বিচাৰি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আজিও প্ৰতিবাদ কৰিব লগা হৈছে৷ শেহতীয়াকৈ শদিয়াৰ পৰা ধুবুৰীলৈ সংগঠনটোৱে এটি বাইক ৰেলী উলিয়ায় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোকৰাঝাৰৰ মৰনাই চাহ বাগিছাৰ পৰা আৰম্ভ কৰা বাইক ৰেলী আজি বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত হয়৷

সংগঠনটোৰ বিহালী আঞ্চলিক সমিতিয়ে বাইক ৰেলীত অংশ গ্ৰহণ কৰা লোকসকলক আদৰণি জনায়৷ ছাত্ৰ সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনজাতি মৰ্যদা প্ৰদান, ভূমি পট্টা প্ৰদান, দৈনিক ৩৫০ টকা মজুৰি, আদিবাসী অধ্যুষিত অঞ্চলত শিক্ষা, চাহ বাগিছা সমুহত থকা বিদ্যালয় সমুহৰ প্ৰাদেশীকৰণৰ দাবীকে ধৰি কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবী জনায়৷ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ৰিজেন হৰ’ৰ নেতৃত্বত উলিওৱা বাইক ৰেলীটোৱে বিহালীৰ জিনজিয়া, বৰগাং, ৰঙাগড়া,  বেদেতি আদি চাহ বাগিছা সমুহৰ লগতে বিহালীৰ বিভিন্ন অঞ্চলত পথ সভা অনুষ্ঠিত কৰে৷