
গুৱাহাটীঃ অৱশেষত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনতাই সামূহিকভাৱে স্বস্তিৰ নিশ্বাস পেলালে৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনি সলনি কৰি ভাষিক স্বকীয়তা বিপদাপন্ন কৰিব বুলি শংকা থকা নাগৰিকত্ব সংশোধনী বিধেয়ক অৱশেষত ৰাজ্যসভাত উত্থাপন নহ’ল৷
ইফালে, ৰাজ্যসভা আজি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়৷
চুবুৰীয়া ৰাষ্ট্ৰৰ হিন্দু নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিব বুলি ২০১৪ চনত বি জে পিয়ে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যে ইয়াকে কাৰ্যকৰী কৰিবলৈ বি জে পি উঠি পৰি লাগা দেখা গৈছে৷
জাতিধ্বংসী বিধেয়কখন গৃহীত কৰিবৰ বাবে বি জে পি চৰকাৰে যিমানেই তৎপৰতা প্ৰদৰ্শন কৰিছিল ইয়াক ৰোধ কৰিবৰ বাবে অসমীয়াই সিমানেই মৰণপণ কৰিছিল৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৭০ সংগঠন তথা আছুৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৩০ সংগঠনে কঠোৰতৰ গণতান্ত্ৰিক আন্দোলনেৰে সমগ্ৰ দেশ কঁপাই তুলিলে৷
অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আনকি অসমীয়া ডেকাই নিৰাভৰণ হৈ দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলেগৈ৷
আন্দোলনত তীব্ৰতা দেখি মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বি জে পি চৰকাৰৰ মুখ্যমন্ত্ৰী দুজনেও বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হ’ল৷
কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে একালত জাতীয় নায়ক হিচাপে আখ্যায়িত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতিৰ আবেগ অনুধাৱন কৰিব নোৱাৰি শেষ পৰ্যন্ত বিধেয়ক-বিৰোধী আন্দোলনক উপলুঙা কৰি থাকিল৷
অসম গণ পৰিষদে বিধেয়কখন লোকসভাত উত্থাপন হোৱাৰ মূহুৰ্তত বি জে পিৰে মিত্ৰতা ছিন্ন কৰি আন্দোলনত জঁপিয়াই পৰিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক অ গ পই বিধেয়ক বিৰোধী স্থিতিৰে একত্ৰিত কৰিবলৈ চেষ্টা কৰি ব্যাপক অভিযান চলালে৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু আৰু অ গ পই বি জে পিক বাদ দি দেশৰ সকলো সৰু-বৰ দলৰ নেতৃত্বক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অনুৰোধ কৰিলে৷
বিধেয়ক-বিৰোধী স্থিতিৰে অসমৰ প্ৰতিনিধিসকলে কৰা এই লবী নজৰবিহীন বুলি বিবেচিত হৈছে৷
মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু অসমৰ জনতাৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ তথা মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীকেইজনৰ বিধেয়ক-বিৰোধী স্থিতিয়ে আকোঁৰগোজ কেন্দ্ৰীয় চৰকাৰক পিছ হোঁহকিবলৈ বাধ্য কৰিলে।
জে ডি ইউ, আৰ জে ডি, আম আদমি পাৰ্টী, তেলেগু দেশম দল, কংগ্ৰেছকে ধৰি বিৰোধী আৰু এন ডি এৰ ভিতৰৰ একাংশ দলে বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যসভাত ভোট দিব বুলি অসমৰ জনতাক প্ৰতিশ্ৰুতি দিয়াত একাষৰীয়া হৈ পৰিল বি জে পি চৰকাৰ৷
অতি চতুৰালিৰে ৰাজ্যসভাৰ মূল কাৰ্যক্ৰমনিকাত বিধেয়ক উত্থাপনৰ বিষয়টো অন্তৰ্ভুক্ত নকৰি পৰিপূৰক তালিকাৰে ইয়াক উত্থাপন কৰিবলৈ চেষ্টা কৰি শেষ মূৰ্হুৰ্তলৈকে বি জে পিয়ে অসম বিৰোধী স্থিতি গ্ৰহণ কৰি থাকিল৷ আনকি ৰাজ্যসভা অধিৱেশনৰ ম্যাদ আৰু দুদিনৰ বাবে বৃ্দ্ধি কৰাৰো প্ৰস্তাৱ দিছিল শাসকীয় দলটোৱে৷
বিধেয়কখন উত্থাপন নোহোৱাকৈয়ে ৰাজ্যসভা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছত অ গ পৰ সভাপতি অতুল বৰাই কয় যে উত্তৰ-পূবৰ প্ৰতিবাদী জনতাৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে এই বিজয়ৰ বাবে প্ৰতিবাদী জনতাক ধন্যবাদ জ্ঞাপন কৰে৷ আছুৱে কয় যে এয়া উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ জয়৷
তাৎপৰ্যপূৰ্ণ যে, ৰাজ্যসভাৰ অধিৱেশনৰ অন্তিম দিনটোত, অৰ্থাৎ বুধবাৰে বিধেয়কখন উত্থাপন নোহোৱাৰ অৰ্থ এয়ে যে বৰ্তমানৰ মোডী চৰকাৰৰ কাৰ্যকালত এই বিতৰ্কিত বিধেয়কখন আৰু গৃহীত কৰিব পৰা নাযাব৷