
ওদালগুৰি/নলবাৰী/গোলাঘাট/তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমত হিন্দু বাংলাদেশী শৰণাৰ্থী সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ ৭ মে’ৰ পৰা পুনৰ প্ৰতিবাদ অব্যাহত ৰখা ৰাজ্যবাসীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰেও প্ৰতিবাদ সাব্যস্ত কৰে৷ বৃহস্পতিবাৰে ডিব্ৰুগড, শোণিতপুৰ, ওদালগুৰি, নলবাৰী, গোলাঘাট, তিনিচুকীয়া, গোৱালপাৰ আদি জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল-সংগঠনে৷
ৰাইজে ৰাজপথলৈ ওলাই আহি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব খোজা কোনো কাৰ্য গ্ৰহণ নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ ওদালগুৰিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে জোঁৰ লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰি জিলা সমিতিৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী সমদল চহৰখনৰ মাজেৰে বিভিন্ন স্থান পৰিভ্ৰমণ কৰে।
সমদলৰ অন্তত এজেৱাইচিপিৰ নেতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্ত কোনো পদ্ধে মানি লোৱা নহব। ৮৫৫ গৰাকী শ্বহীদৰ কেচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ বিৰোধ কৰাটো সহ্য কৰা নহব। চৰকাৰে ষড়যন্ত্ৰ কৰি এই বিধেয়ক গৃহিত কৰিবলৈ চেষ্টা কৰিলে সমগ্ৰ অসম জ্বলোৱাৰ সকিয়নী প্ৰদান কৰি পুনৰ হাজাৰ হাজাৰ অসমীয়া ডেকা শ্বহীদ হবলৈ সাজু থকা বুলি হুংকাৰ প্ৰদান কৰে। কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে অংশগ্ৰহণ কৰে।
আনহাতে নলবাৰী জিলা, উজনিৰ অসমৰ গোলাঘাটৰ মৰিয়নী, তিনিচুকীয়া আদি জিলাতো প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগিনীজানত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ প্ৰতিকৃতি জ্বলাই বিতৰ্কিত মন্তব্য প্ৰদান নকৰিবলৈ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই আদিবাসী ছাত্ৰ সন্থাই। তিনিচুকীয়াৰ ন’ পুখুৰী ৰে’লগেটত সদৌ অসম ছাত্ৰ সন্থাই ৰে’ল পথ অৱৰোধ কৰি আকাশ-বতাহ কঁপাই তোলে৷ উজনিৰ পৰা নামনিলৈ যাব লগা ইণ্টাৰচিটী ৰখাই উত্তাল কৰে আছুৱে৷ আছুৱে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি নলও বুলি স্পষ্ট কৰে৷ পূৱ নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ আছুৰ কেইবাশতাধিক নেতা-কৰ্মী আৰু স্থানীয় নাগৰিকে হাতে হাতে জোঁৰ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷