বিশ্বনাথঃ আজি বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে প্ৰতিবাদকাৰী সকলে  টায়াৰ জ্বলাই মন্ত্ৰীগৰাকীৰ কনভয়ত বাধা প্ৰদান কৰিবলৈ চেষ্টা চলায়। কেইবাটাও দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সমৰ্থনত মন্ত্ৰীগৰাকীৰ স্থিতিৰ বিৰোধিতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে৷
আৰক্ষী প্ৰশাসনে  প্ৰতিবাদকাৰীয়ে জ্বলোৱা টায়াৰৰ জুই  অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে  নুমুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাৰ হৈ যোৱাৰ মুহুৰ্তত প্ৰতিবাদকাৰীসকলে  ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘অসম চৰকাৰ মুৰ্দাবাদ,’ ‘হিমন্ত বিশ্ব গ’ বেক’, ‘জাতিদ্ৰোহী হিমন্ত বিশ্ব’ আদি বিভিন্ন শ্ল’গানেৰে বিশ্বনাথৰ ৰাজপথ উত্তাল কৰে৷