গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে সৰ্বভাৰতীয় পৰ্যায়ত আন্দোলন গঢ়ি তুলিব ছাত্ৰ সমাজে। বৃহস্পতিবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে JNUৰ ছাত্ৰ একতা সভাৰ সভাপতি এন চাই বালাজিয়ে।

অহা ৭ ফেব্ৰুৱাৰীত ৬০ টাকৈ অধিক ছাত্ৰ তথা যুৱ সংগঠনে দিল্লীত মিলিত হৈ বি জে পি চৰকাৰ বিৰুদ্ধে Young India Adhikar March কাৰ্যসূচী ৰূপায়ণ কৰিব। আহা ৭ ফেব্ৰুৱাৰীৰ দিনা ৫০ হাজাৰ ছাত্ৰ তথা যুৱক-যুৱতীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত দিল্লীৰ লালকিল্লাৰপৰা সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াই বি জে পি চৰকাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব।

এই প্ৰতিবাদী মজিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিব। বিলখন সন্দৰ্ভত ছাত্ৰনেতা বালাজিয়ে কয়, অসমৰ এটা নিজস্ব পৰিচয় আৰু বৈশিষ্ট আছে। এই পৰিচয় সম্প্ৰদায়কতাৰ ভিত্তিত নহয়। অসমীয়া মানুহে সদায় ধৰ্মনীৰপেক্ষ সাংবিধানিক গণতন্ত্ৰত বিশ্বাস কৰে। সেয় বাবে অসমীয়া মানুহে ইয়াক তীব্ৰ বিৰোধিতা কৰিছে।

ইপিনে বিলখনৰ বিৰুদ্ধে থিয় দিয়াবাবে চিন্তাবিদ হিৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তদুপৰি সংবাদ মেলত অংশগ্ৰহণ কৰে AISAৰ সভাপতি সঞ্জিপ সৌৰভে কয় যে নিৱনুৱাই সমস্যা সমাধানৰ কথাৰে ক্ষামতা দখল কৰা মোদী চৰকাৰ দিনত নিৱনুৱা সমস্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷ 

কেন্দ্ৰৰ বিভিন্ন বিভাগতে মাত্ৰ ২৪ লাখ চাকৰি পদ খালি আছে। কিন্তু চৰাকাৰে এতিয়ালৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সেয়ে মৰ্চাৰ জড়িয়তে এই পদসমূহ পূৰণৰ দাবী উত্থাপন কৰিব। লগতে বিশ্ববিদ্যালয়কে ধৰি সমগ্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰব হৈ যে মোডী চৰকাৰে স্বাধীন ভাৰতত শিক্ষাক আটাইকৈ বেছি অৱহেলা কৰা চৰকাৰ। স্বাধীন ভাৰতৰ ইতিহাসত  শিক্ষাৰ নামত মুঠ বাজেটৰ মাত্ৰ ৩.৪৮ শতাংশ ধন খৰচ কৰা প্ৰথম চৰকাৰে। ইপিনে ভাৰতৰ আন্য ৰজ্যসমূহৰ লগতে অসমৰ পৰা প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীয়ে Young India Adhikar Marchত অংশগ্ৰহণ কৰি বি জে পি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলিও তেওঁ জানিবলৈ দিছে।