- পশ্চিমবংগ যেনেকৈ বঙালীৰ বাবে, মহাৰাষ্ট্ৰ যেনেকৈ মাৰাঠীৰ বাবে, পঞ্জাৱ যেনেকৈ পঞ্জাৱীৰ বাবে থিক তেনেকৈ অসম খিলঞ্জীয়া অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগিব

জালাহঃ 'হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেট ডিগ্ৰী থাকিব পাৰে কিন্তু হোমেন বৰগোঁহাঞি, নগেন শইকীয়াৰ পাণ্ডিততকৈ হিমন্ত বিশ্ব শৰ্মাৰ পাণ্ডিত্য বেছি হ'ব নোৱাৰে৷ বজালীৰ বাঘমাৰাত বৃহত্তৰ বাঘমাৰা সচেতন মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ব্যাখ্যা আগবঢ়ায় প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই।
তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে পশ্চিমবংগ যেনেকৈ বঙালীৰ বাবে, মহাৰাষ্ট্ৰ যেনেকৈ মাৰাঠীৰ বাবে, পঞ্জাৱ যেনেকৈ পঞ্জাৱীৰ বাবে থিক তেনেকৈ অসম খিলঞ্জীয়া অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগিব। তেখেতে বিধেয়কখনৰ ফলত আজিৰ পৰা পঞ্চাছ বছৰ পিছৰ অসমৰ অৱস্থাৰ কথা অৱতাৰণা কৰি কয় এটা সময়ত অসমত অসমীয়া ভাষাক বঙালী ভাষাই গ্ৰাস কৰিছিল আৰু সেই দিনৰ পুনৰাবৃত্তি ঘটিবলৈ সময় সমাগত।
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা অধিক পৰিমানে ক্ষতিগ্ৰস্ত হ'ব অসম সহিতে উত্তৰ পূৰ্বাঞ্চল। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰখনে ইয়াৰ ফল লাভ কৰিব বুলি তেওঁ বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰাৰ পক্ষত মত দাঙি ধৰে। শইকীয়াৰ মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল 'নিমাতীকন্যা'।
উক্ত প্ৰতিবাদী সভাতে চিন্তাবিদ, সমালোচক অদীপ ফুকনেও উক্ত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান জনাই কয় যে, বৰ্তমান চৰকাৰখনে অসমীয়া জাতিটোৰ কথা নাভাবে, দিছপুৰৰ গাদীত থকাটোৱে একমাত্ৰ কাম এই চৰকাৰখনৰ মুখ্য কাম। সাম্প্ৰতিক সময়ত অসমীয়া সংখ্যালঘুত পৰিণত হৈছে আৰু বিধেয়কখনৰ ফলত অসমীয়াৰ ভাষা সংস্কৃতিলৈ ভাবুকি আহি পৰিব বুলিও অদীপ ফুকনে মন্তব্য আগবঢ়ায়। সভাখনত অগপ দলৰ বজালী জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিলীপ বৰুৱাই ক্ষুৰধাৰে চৰকাৰক সমালোচনা কৰি আইনখনৰ বুৰদ্ধে ৰাইজক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয়, আজি হয়তো কেইটামান টকাৰ লোভত নিজৰ ভোট বিক্ৰী কৰিব পাৰিম কিন্তু সেই মূল্যত নিজৰ বিবেক, চিন্তা, জ্ঞানক বিক্ৰী কৰাটো সমিচীন নহয় আৰু যদি সেয়ে হয় নৱ প্ৰজন্মৰ পৰা ভাষা, সংস্কৃতি কাঢ়ি অনাটোৱে হ'ব। উল্লেখযোগ্য যে গড় বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাখনত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।