
newsnextone.com | যোৰহাটঃ দীৰ্ঘ দিনীয়া দাবী পূৰণ হল উজনিৰ যোৰহাট জিলাবাসীৰ৷ দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক সহজেই সংযোগ কৰিব বিচৰা বুলি নৰেন্দ্ৰ মোডী চৰকাৰে সময়ে সময়ে উল্লেখ কৰি আহিছে৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে উজনিৰ যোৰহাট জিলাৰ ৰৰৈয়া বিমান কোঠৰ পৰা কলকাতালৈ পোনে পোনে বিমান সেৱা আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে৷
দেশৰ ৰাজধানীৰ পৰা নিলগৰ তথা বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসামৰিক বিমান পৰিবহন সেৱা উন্নত কৰাৰ বাবে চিন্তা চৰ্চা কৰে৷ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উৰণ আঁচনীৰ দ্বাৰা উজনিৰ যোৰহাট জিলাৰ ৰৰৈয়া বিমান কোঠৰ পৰা নতুন বিমান সেৱা আৰম্ভ কৰাৰ বাবে চিন্তা কৰে৷ অহা ১ আগষ্টৰ পৰা নিতৌ যোৰহাট-কলকাতাৰ মাজত ইণ্ডিগ’ এয়াৰলাইনৰ বিমান সেৱা আৰম্ভ হ’ব৷
যোৰহাটৰ ৰৰৈয়াস্থিত বিমান কোঠৰ নিৰ্দেশক পি কে মিশ্ৰই ডিব্ৰুগড়ৰ পৰা অহা জেট এয়াৰৱেজ বিমান আৰু যোৰহাট-কলকাতাৰ যাত্ৰীৰ বাবে সেৱা আগবঢ়াই আহিছে যদিও উৰণ আঁচনীৰ অধীনত ইণ্ডিগ’ বিমান সেৱা আৰম্ভ হোৱাৰ ফলত বিমান যাত্ৰীৰ বহু সমস্যা সমাধান হ’ব বুলি কয়৷
যোৰহাট বিমানকোঠৰ আন্তঃগাঁথনিও বহুখিনি উন্নত হোৱাৰ লগতে ৰদ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ যাত্ৰী তথা যাত্ৰীৰ সৈতে অহা লোকৰ বাবে ব্যৱস্থা কৰা বুলি কয়৷ লঞ্চৰ আকাৰ বঢ়োৱা বুলি কৈ বিমানৰ সমগ্ৰ সূচী আগতীয়াকৈ লাভ কৰিব পৰা ব্যৱস্থা কৰা বুলি কয় পি কে মিশ্ৰই৷
ইণ্ডিগ’ বিমানে পুৱা ৯-৩০ বজাত কলকাতাৰ পৰা উৰণ আৰম্ভ কৰিব আৰু দিনৰ ১১-৩০ বজাত যোৰহাটত উপস্থিত হ’ব৷ বিয়লি ১-৩০ বজাত যোৰহাটৰ পৰা কলকাতালৈ উৰা মাৰিব এখন বিমানে৷