বৰক্ষেত্ৰীঃ ছছিয়েল মিডিয়া, বিশ্বত সবাতোকৈ জনপ্ৰিয় সামাজিক মাধ্যম হৈ পৰিছে ছছিয়েল মিডিয়া৷ তাৰ মাজতে ফেচবুক বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। ফেচবুক বুলিয়েই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। বহুলোকে নিজ নিজ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰখাৰো চেষ্টা কৰে।

শৈক্ষিক আৰু চাৰিত্ৰিক দিশত ক্ষতি কৰিব বুলিয়ে অভিভাৱকে নিজৰ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰাখিব বিছাৰে। কিন্তু আমাৰ ৰাজ্য খনত ফেচবুকৰ জৰিয়তে বিভিন্ন বাল কাম হৈ থকা দেখা গৈছে৷ বানৰ সময়ত সাহায্য বিছাৰি ফেচবুকত ব্যৱহাৰ কৰা হৈছে৷ হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনমত ফেচবুকতে গঢ় লৈ উঠিছিল৷

বিভিন্ন ক্ষেত্ৰত ফেচবুকৰ জৰিয়তে একাংশ লোকে যোগাত্মক কাম কৰি থকা দেখা গৈছে৷ নেতিবাচক দিশবোৰতকৈ ইতিবাচক দিশসমূহ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। যি সময়ত ফেচবুকক মুষ্টিমেয় দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰিবলৈ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে তেনে সময়ত যুৱ প্ৰজন্মই বিশ্ব শান্তিৰ বাবে একত্ৰিত হ’ল ফেচবুকৰ জৰিয়তে৷

ফেচবুকত সক্ৰিয় শতাধিক যুৱকৰ উদ্যোগত আজি জোঁৰ সমদল উলিয়ায় মুকালমুৱাত৷ বৰ্তমান সময়ত ফেচবুকত ভাল বাল খবৰৰ পৰিবৰ্তে দেখা যায় নানান হিংসাত্মক ঘটনা সংক্ৰান্তীয় আপডেট তথা প্ৰতিচ্ছবি। চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি। অৰ্দ্ধগলিত মৃতদেহ, ধৰ্ষণ, হত্যা, হিংসাৰ আলোচনাৰহে যেন ৰাজত্ব চলিছে ফেচবুকত।

ফেচবুকত তথা সংবাদ মাধ্যমত হত্যা-হিংসা-ধৰ্ষণৰ বাতৰিত অতিষ্ঠ হৈ শান্তিৰ বাবে ৰাজ পথলৈ ওলাই আহে নলবাৰী জিলাৰ মুকালমুৱাৰ শতাধিক যুৱক৷ হাতে হাতে কেণ্ডেল লৈ ওলাই আহি ফেচবুক সতীৰ্থই বিশ্বত শান্তি কামনা কৰে৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে যুৱক ওলাই আহে শান্তিৰ হকে। মৌন সমদল মুকালমুৱা চ’ক বজাৰ পৰিভ্ৰমণ কৰে৷ মৌন সমদলৰ অন্তত ৰাইজে মুকালমুৱা চকত হাতে হাতে কেণ্ডেল লৈ মানৱ শৃংখল কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ হত্যা হিংসা বিপৰীতে মানৱতাৰ জয়গানৰ বাবে এি কাৰ্যসূচী ৰূপায়ন কৰা বুলি কয় একাংশ ফেচবুক সতীৰ্থই৷