
newsnextone.com | বঢ়মপুৰঃ অসমীয়া জাতিৰ নিজস্ব ইতিহাস আছে৷ অসমীয়াৰ জাতিৰ পূৰ্বপুৰুষসকল চহকী আহিল৷ সেই কথা নতুনকৈ কোৱাৰ নাইবা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই৷ ইতিহাস ফহিয়াই চালে এই কথা জল-জল পট পট কৈ ওলাই পৰে৷ উজনি-নামনিৰ ইতিহাস তথা ইতিহাস সম্বলিত সমল সমূহ উনুকিয়াই চালে সকলো স্পষ্ট হৈ পৰে৷ শংকৰদেৱৰ কালৰ পৰা চালে অসমীয়া জাতিৰ পূৰ্বপুৰুষ যে চহকী আছিল সেই কথা স্পষ্ট হৈ পৰে৷ গীত, মাত, নৃত্য, সাহিত্য, যুদ্ধত পাকৈত আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰযোজন নাই৷
ৰাজ্যৰ খনৰ বিভিন্ন ঠাইত আজিও আছে পূৰ্বপুৰুষৰ স্মৃতি চিহ্ন সমূহ সজীৱ হৈ৷ আৰিমত্ত ৰজা, কোচ ৰজা, গোভা ৰজা কালৰ কথাই কওঁ নাইবা ৬০০ বছৰীয়া আহোমৰ শাসন কালৰ কথাই কওঁ পূৰ্বপুৰুষ সকলে অলেখ সমল এৰি থৈ গৈছে৷ যি সমূহ আমাৰ অমূল্য সম্পদ৷ বিশষকৈ মধ্য অসমত গোভা ৰজাৰ কানত পূৰ্বপুৰুষে বহু স্মৃতি এৰি থৈ গৈছে৷ যাক লৈ আমি গৌৰৱ কৰো৷ যি সমূহ আমাৰ আৱেগ-অনুভূতি৷ কিন্তু আমাৰ আৱেগ অনুভূতি সুৰক্ষিত হৈ আছেনে৷
এয়াই আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন৷ কিয়নো বাৰিষা বানপানীত আমাৰ সম্পদ সমূহ পানীত ডুব গৈ থকা দেখা যায়৷ পুঁজিপতিৰ হাতোৰা পৰে৷ চকুৰ সন্মুখতে পুৰ্বপুৰুষৰ স্মৃতি সমূহ ধ্বংসৰ দিশে গতি কৰিলেওঁ গুৰুত্ব দিবলৈ কোনো নাই৷ অসমীয়াৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? পূৰ্বপুৰুষৰ ঐতিহ্যক ৰক্ষা কৰিব নজনা আৰু সন্মান কৰিব নজনা বুলি অসমীয়া জাতিৰ বিৰুদ্ধে সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ এই অভিযোগৰ মাজতে
তিৱা সকলৰ ঐতিহ্যৰ বৰঘৰ স্বৰূপ গোভা পাহাৰত পুঁজিপতিৰ হাতোৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোম্পােনীয়ে বৃহৎ ঘৰ সাজি, প্ৰকাণ্ড মেচিন বহুৱাই গোভা ৰজাৰ একালৰ দৰবাৰক অসন্মান কৰা পৰিলক্ষিত হৈছে৷ ইমানৰ পিছতো অসমৰ চৰকাৰ, দল-সংগঠন, বিধায়কৰ ৰহস্যজনক স্থিতিত থকা ঘটনাই বেছি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গোভা ৰাইজৰ দাবী সকলোৱে মাত দিয়ক তেওঁলোকৰ পূৰ্বপুৰুষৰ ঐতিহ্য ৰক্ষাৰ বাবে৷ এগৰাকী জ্যেষ্ঠ গোভা লোকে চকুলো টুকি এই প্ৰতিবেদকক কয় যে আমি পূৰ্বপুৰুষৰ এই সমলক লৈ গৌৰৱ কৰো৷ কিন্তু আমাৰ গৌৰৱক সন্মান নজনালে কোনোৱে৷ আজি সংকটত পৰিছে আমাৰ পূৰ্বপুৰুষৰ ঐতিহাসিক সমলসমূহ৷ সকলোৱে ৰক্ষা কৰক আমাৰ এই সমল অন্যথাই আমাৰ পৰিচয় হেৰুৱাব৷
উল্লেখ্য যে, তিৱাসকলৰ পৰম্পৰাগত গোভা দেওৰজাৰ জোনবিল মেলা বুলিলে সমগ্ৰ বিশ্বই জানে৷ জোনবিল মেলাকে ধৰি এতিয়া মৰিগাঁও জিলাত একালৰ গোভা ৰাজ্যৰ ঐতিহ্য বহন কৰি থকা ঐতিহাসিক সমলো আছে। গোভা ৰাজ্যৰ ঐতিহাসিক গোভা পাহাৰত ৰজাৰ কুঁৱৰী পুখুৰী, গৰিয়া পুখুৰী, হাঁহচৰা পুখুৰী আৰু অৰম বিল আছে যিয়ে তিৱা গোভা ৰাজ্যৰ ঐতিহ্য বহন কৰি আহিছে।
কিন্তু সংৰক্ষণৰ অভাৱত ঐতিহাসিক ক্ষেত্ৰবোৰ বৰ্তমান ধ্বংস হ’বলৈ ওলাইছে। ইমানে নহয় গোভা পাহাৰৰ দাতিত বিতৰ্কিত ব্যৱসায়ী আৰএছ খানৰ ক্ৰেচাৰ মেচিন বহুওৱা ঘটনাক ৰাইজে সহজে লব পৰা নাই৷ গোভা পাহাৰৰ গোভা ৰাজ্যৰ ঐতিহাসিক সমলসমূহৰ প্ৰতি ক্ৰেচাৰে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। আৰ এছ খানৰ শিল ভঙা মেচিন স্থাপনৰ বিৰোধিতা কৰি বিভিন্ন সময়ত তিৱা জাতীয় সংগঠন সমূহে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰ কিম্বা আৰ এছ খানে গুৰুত্ব প্ৰদান কৰা নাই।
চৰকাৰে জোনবিলৰ ভূমি বেদখল মুক্ত কৰি জোনবিলক সুৰক্ষাৰ কথা কয় যদিও গোভা পাহাৰৰ ঐতিহাসিক সমল বোৰৰ সুৰক্ষাৰ ক্ষেত্ৰত নিমাত৷ তিৱাসকলৰ ঐতিহাসিক সমল সুৰক্ষিত কৰিবলৈ তিৱা সমাজে দাবী জনায়। গোভা ৰাইজে যোৱা ৩০ জুনত গোভা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ লোকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে। সভাত ঐতিহাসিক গোভা ৰাজ্যৰ ঐতিহাসিক সমল সমূহ সুৰক্ষাৰ বাবে ঐতিহাসিক গোভা ৰাজ্যৰ পৌৰাণিক সম্পদ সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন কৰে৷ সমিতি খনে ৰাইজৰ সহযোগত আগন্তুক দিনত আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰে।