শিমলুগুৰিঃ গুৱাহাটীৰ পৰা ভাড়া কৰি আনি চালকক প্ৰাণে মৰাৰ চেষ্টা কৰি ভাড়াতীয়াই কাঢ়ি নিলে চুইফট ডিজায়াৰ। কথমপি প্ৰাণৰক্ষা চালকৰ৷ চালকৰ ভাষ্য অনুযায়ী দেওবাৰে গুৱাহাটী ৰাজধানী মছজিদ ষ্টেণ্ডৰ পৰা যোৰহাটলৈ বুলি দুজন ব্যক্তিয়ে AS01-BQ-3588 নম্বৰৰ চুইফট ডিজায়াৰ খন ভাড়া কৰে৷

কিন্তু ভাড়া লৈ গাড়ীখন শিৱসাগৰ জিলাৰ শিমলুগুৰি থানাৰ অন্তৰ্গত বাহগড় পাওতেই গাড়ীৰ পাছফালৰ ছিটত বহা লোক দুজনে চালক আমিনুল ৰহমানক ডিঙিত পাছফালৰ পৰা ৰছীৰে চেপি ধৰি হত্যাৰ চেষ্টা চলায়৷

কিন্তু আমিনুল ৰহমান কথমপি তাৰ পৰা সাৰি গাড়ীৰ পৰা জপিয়াই দিয়ে৷ চালক আমিনুলৰ মতে লোক দুজনে পাছত গাড়ীখন লৈ অসম-নাগালেণ্ড সীমান্তৰ ফালে পলাই যায়৷

মূৰ আৰু হাতত আঘাত প্ৰাপ্ত চালকজনক শিমলুগুৰি আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সন্দৰ্ভত চালকজনো সন্দেহৰ আৱৰ্তত ৰখা হৈছে বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে।