বোকাজানঃ অসমৰ পৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত৷ আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰই অসমৰ বিভিন্ন জিলাৰ পৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷

যাৰ বাবে ৰাজ্যত আজিও সক্ৰিয় হৈ আছে গাড়ীচুৰি চক্ৰ৷ তাৰ মাজতে বোকাজানত আজি ডিমাপুৰলৈ বিক্ৰী কৰিব নিয়া এখন টাটা চুম’ সহ গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত চাৰিগৰাকী লোকক জালত পেলাবলৈ সক্ষম হয় অসম আৰক্ষী৷

বৃহৎ গাড়ী চুৰি চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চাৰিচকীয়া আৰু দুচকীয়া বাহন সমূহ চুৰি কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ নিয়ে৷ তাৰ পৰা সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিপাপুৰত থকা চুৰি গড়ী কিনা ঘাটিত সূলভ মূল্যত গাড়ীসমূহ বিক্ৰী হয়৷

বোকাজান মহকুমাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে গাড়ী চুৰিৰ চক্ৰটোৱে৷ বোকাজানত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বৰপথাৰ আৰক্ষীয়ে আজি পুৱতি নিশা গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই৷

অভিযানত বৰপথাৰ আৰক্ষীয়ে চাৰিগৰাকী গাড়ী চোৰক জালত পেলোৱাৰ লগতে এখন টাটা চুম’ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বোকাজান মহকুমাৰ খটখটিৰ কৃষ্ণ ৰায়, শোনিতপুৰৰ চাইদুল ইছলাম, নগাঁৱৰ তপন ৰায় আৰু নাগালেণ্ডৰ ঊষাৰ লিছাংথং ছিটিৰিক টাটা চুম’ সহ আটক কৰিবলৈ সক্ষম হয়৷

নগাৱঁৰ পৰা নিশা প্ৰায় ২ বজাত এএছ-০২-এছ-৮৪০৩ নম্বৰৰ টাটা চুম’ খন চুৰি কৰি আনি ডিমাপুৰলৈ নি আছিল৷ নগাঁও জিলাৰ গৰৈমাৰীৰ ধ্ৰুৱজ্যোতি গগৈৰ পৰা টাটা চুম’ খন চুৰি কৰি আনিছিল বুলি জানিবলৈ পৰা গৈছে ৷

গাড়ীখনত অত্যাধুনিক জিপিআৰএছ পদ্ধতি সংযুক্ত থকাৰ বাবেই গাড়ীখন উদ্ধাৰ কৰাৰ লগতে চোৰকেইটাকো কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ বৰপথাৰ আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে চোৰ কেইটাক জেৰা অব্যাহত ৰাখিছে ৷