প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

টেঙাখাতঃ ভৱিষ্যতৰ আশা-আকাংক্ষাসমূহ বাস্তবায়িত কৰিবলৈ প্ৰয়োজন হয় এক সঠিক বৃত্তি৷ নিচাগত ভাৱেই হওক বা পেচাগত ভাৱেই হওক এটা সঠিক বৃত্তিত নিয়োজিত হৈ সুস্পষ্ট ভৱিষ্যত এটা গঢ়াৰ ইচ্ছা সকলোৰে থাকে৷

সেই পৰিপ্ৰেক্ষিততে আজি লাহোৱালৰ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ কাউন্সেলিং সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰীৰ অনাগত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বৃত্তিমুখী শিক্ষা ব্যৱস্থাক পুংখানুপুংখ বিশ্লেষনেই সভাখনৰ মূল উদ্দেশ্য আছিল৷

অনুষ্ঠানত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷ অসম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সমল ব্যক্তি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা টিমনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক অঞ্জন কোঁৱৰে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ‍্যতে নিজৰ নিজৰ বৃত্তিত নিয়োগ হ'ব পৰা বৃত্তিমূখী শিক্ষাৰ পথসমূহ অতি সূক্ষ্মভাবে ছাত্ৰ-ছাত্ৰীসকলৰ মনোগ্ৰাহীকৈ ডিজিটেল পদ্ধতিৰে বুজাই মনোযোগ আকৰ্ষণ কৰে।