05
Aug
2017

দেশ এতিয়া বিপৰ্যস্ত। সাধাৰণ জনতাৰ বাবে বিশেষকৈ খাটি খোৱা লোকৰ বাবে এতিয়া জীৱন নিৰ্বাহ হৈ পৰিছে অতি দূৰূহ।অচ্ছে দিনৰ সপোন দেখুৱাই জনতাক মোহগ্ৰস্ত কৰা নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া খুব অচ্ছেকৈয়ে এই সাধাৰণ লোকসকলক মাধমাৰ শোধাইছে। শেহতীয়াকৈ দৰিদ্ৰ জনগণক চেপি খুন্দি যোৱাকৈ মোদী চৰকাৰে প্ৰায় সকলো নিত্য আৱশ্যকীয় সামগ্ৰীৰেই ৰাজ সাহায্য কৰ্তনৰ ব্যৱস্থা কৰিছে। আৰু ইয়ে সাধাৰণ মানুহৰ বাবে ভয়াৱহ দিন মাতি অনাৰ বিপৰীতে চৰকাৰলৈ মাতি আনিছে সঁচা অৰ্থত অচ্ছে দিন।