17
Jul
2017

বৃহৎ নদী বান্ধে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া শেহতীয়া বানেই প্ৰমাণ কৰি দিছে। নীপকোই ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী আজিও এৰি দিয়াৰ ফলত লখিমপুৰত সৃষ্টি হৈছে ভয়ানক পৰিস্থিতি। এই লৈ চৰকাৰ সম্পূৰ্ণ উদাসীন। কাৰণ দিল্লী কি দিছপুৰত যি দলৰেই চৰকাৰ নহওক কিয়, তেওঁলোকৰ বাবে বৃহৎ নদী বান্ধ এক আশীৰ্বাদ। গতিকে তেওঁলোক বান্ধ লবীৰ যে ‘চাকৰ’ সেই কথাও আৰু অস্পষ্ট হৈ থকা নাই। মানুহ বানত ডুবি মৰিছে, কিন্তু চৰকাৰ ব্যস্ত আছে কিদৰে বৃহৎ বান্ধ নিৰ্মাণ কৰি ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিব পাৰি।