মৃত বিবেক!

সৰ্বস্বান্ত কৃষকৰ আত্মহত্যাই শাসকেই হওক বা বিৰোধীয়েই হওক, নতু সচেতন নাগৰিক, দল-সংগঠন কিম্বা মিডিয়াক স্পৰ্শ নকৰে। সকলোৱেই ইয়াত নিজৰ ধান্দা বিচাৰি ফুৰে, যদি স্বাৰ্থ থাকে তেতিয়াহে সকলো উবুৰি খাই পৰি শোকস্তব্ধ হোৱাৰ অভিনয়েৰে সুবিধা আদায় কৰিবলৈ যত্নপৰ হয়। কিন্তু এজন খেতিয়ক কিয় সৰ্বস্বান্ত হ’ল বা তেওঁ কি কাৰণত আত্ম হনন কৰিব লগা হ’ল এই বিষয়বোৰ বিশ্লেষণ কৰাৰ বা বাস্তৱ পদক্ষেপ আগবঢ়োৱাৰ কোনো তৎপৰতা সঁচা অৰ্থত কাৰো নাই। বানত সৰ্বস্বান্ত হৈ কালি মৰিগাঁৱত এজন কৃষকে আত্মহত্যা কৰাৰ দৰে ঘটনা অতি উদ্বেগজনক। পিছে এই লৈ নীৰৱ সততে সৰৱসকল!